বিজেপিক ভোট নিদিয়াৰ আহ্বানেৰে লুৰীণজ্যোতিলৈ সমৰ্থন কা বিৰোধী জাতীয় মঞ্চৰ - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 7:33 PM IST

thumbnail

মৰাণ, ১৬ এপ্ৰিল: লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ দৰে ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাজনৈতিক পৰিবেশ গৰম হৈ পৰিছে । ডিব্ৰুগড় লোকসভা সমষ্টিত হাই প্ৰফাইল নেতা সৰ্বানন্দ সোণোৱালে দিনে-নিশাই প্ৰচাৰ অব্যাহত ৰখাৰ সময়ত ডিব্ৰুগড়ত কা বিৰোধী জাতীয় মঞ্চৰ সংবাদমেল । ডিব্ৰুগড়ৰ হোটেল গাৰ্ডেন ট্ৰিত সংবাদমেল অনুষ্ঠিত কৰি লোকসভা নিৰ্বাচনত প্ৰাকক্ষণত নিজৰ স্থিতি স্পষ্ট কৰিলে ডিব্ৰুগড়ত কা বিৰোধী জাতীয় মঞ্চই ।  

সংবাদমেলত ভাৰতীয় জনতা পাৰ্টীক জাতি বিৰোধী দল বুলি অভিহিত কৰি কোনো লোকক ভাৰতীয় জনতা পাৰ্টিত ভোট নিদিবলৈ জনালে আহ্বান । এই সংবামেলতেই প্ৰাক্তন মুখ্যমন্ত্ৰী, বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক তীব্ৰ সমালোচনা কৰে ৰুবুল দাসে ।  

তেওঁ সংবাদমেলত কয়, "সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকা সময়তে CAA প্ৰণয়ন কৰাৰ লগতে পাঁচজনকৈ অসমীয়া ডেকা ল'ৰাক হত্যা কৰিলে । গতিকে ডিব্ৰুগড়ৰ ৰাইজে তেওঁক ভোট দিয়াটো হ'ব নৈতিক অপৰাধ । মুখ্যমন্ত্ৰী হৈ থকা সময়ত সৰ্বানন্দ সোণোৱালে জনজাতিসকলক উচটনি দিয়াৰ বাবে ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতি নকৰিবলৈ ব্যাপক আন্দোলন আৰম্ভ হৈছিল । সৰ্বানন্দ সোণোৱালে জাতীয় নায়ক হৈ কেৱল কেন্দ্ৰৰ স্বাৰ্থত কাম কৰি গ'ল । বিজেপিলৈ গৈ কোনো দিনে অসমৰ হিতৰ বাবে কাম নকৰিলে । সেইবাবে আমি কোনো কাৰণতে সৰ্বানন্দ সোণোৱালক ভোট দিবলৈ নকওঁ । লগতে কয়, আমি CAAৰ গৰ্ভত জন্ম লোৱা অসম জাতীয় পৰিষদৰ নেতা বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত লুৰীণজ্যোতি গগৈক মুকলি সমৰ্থন আগবঢ়াইছোঁ ।"

লগতে পঢ়ক: বিশাল সমদল কৰি মীৰা বৰঠাকুৰৰে দাখিল কৰিলে মনোনয়ন পত্ৰ - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.