ভগৱানৰ ৰূপত এজন বাছ চালক; মৃত্যুৰ পূৰ্বে বহু যাত্ৰীক দিলে জীৱন দান

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 4:46 PM IST

thumbnail

নেশ্যনেল ডেস্ক, ৩০ জানুৱাৰী : এজন বাছ চালকৰ মহানুভৱতা ৷ বাছ চালকজনৰ বাবেই কথমপি প্ৰাণ ৰক্ষা পৰিল প্ৰায় ৬০ জন যাত্ৰীৰ ৷ জানিব পৰা মতে, কলকাতাৰ পৰা যাত্ৰী কঢ়িয়াই অনা নাস্কাৰ ট্ৰেভেলছ নামৰ ভলভো বাছখন ওডিশাৰ বালাসৌৰ জিলাৰ পাঞ্চলিংগেশ্বৰলৈ গৈ আছিল ৷

গন্তব্যস্থান পাবলৈ মাত্ৰ কেইকিলোমিটাৰমানে বাকী আছিল ৷ তেনেতে পাটাপুৰ পথৰ সমীপত হঠাতে বাছৰ চালকজন অসুস্থ হৈ পৰে । হঠাৎ হোৱা বুকুৰ বিষৰ বাবে চালকজনে অজ্ঞান হোৱাৰ পূৰ্বেই বাছখন পথৰ দাঁতিত ৰখাই দিয়ে । পৰৱৰ্তী পৰ্যায়ত যাত্ৰীসকলে স্থানীয় লোকক ফোন কৰি তেওঁক নীলগিৰি চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ।

উল্লেখ্য যে, শেষ উশাহলৈকে বহু যাত্ৰীৰ জীৱন ৰক্ষা কৰা চালকজনৰ কৰ্ম আৰু সাহসক সকলোৱে কৰিছে প্ৰশংসা ৷

লগতে পঢ়ক : মই মিছা কথা কোৱা নাই, মই Special Branch ৰ এজন উপ-পৰিদৰ্শক: মানস বৰগোঁহাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.