এডৰা মাটিক লৈ ভূমিকেন্দ্ৰিক সংঘাত, 7 আহত

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 1:11 PM IST

thumbnail

নলবাৰী, ২৪ জানুৱাৰী : নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত ১ নং জয়সাগৰত ভূমিকেন্দ্ৰিক সংঘাত । এডৰা ভূমিক লৈ এটা পৰিয়ালৰে ভাতৃ-ভগ্নীৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয় । এই মাৰ পিটৰ ঘটনাত পৰিয়ালটোৰ সাতগৰাকী লোক আহত হয় বুলি জানিব পৰা গৈছে । 

জানিব পৰামতে, এডৰা ভূমিক লৈ পৰিয়ালটোৰ ভাতৃ ভগ্নীৰ মাজত পূৰ্বৰে পৰা বিবাদ চলি আছিল । তাৰ পিচতে ভূমিখিনিক লৈ বুধবাৰে পুৱাই ভাতৃ-ভগ্নীৰ মাজতে মাৰপিটৰ ঘটনা সংঘটিত হয় । এই ঘটনাত আহতসকল ক্ৰমে হিতেশ হালৈ, চন্দ্ৰলতা হালৈ, ৰঞ্জুমনি হালৈ, লতিকা হালৈ, প্ৰফুল্ল হালৈ, অজন্তা হালৈ আৰু তৃষ্ণামণি হালৈ। সম্প্ৰতি আহত আটাইকেইজনকে মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ যদিও ইয়াৰে দুগৰাকীৰ আঘাত গুৰুতৰ হোৱাত উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰা হৈছে । এতিয়া ঘটনা সন্দৰ্ভত দুয়োটা পক্ষই মুকালমুৱা আৰক্ষীৰ কাষ চাপিছে ।

লগতে পঢ়ক : চাবুৱাত পথ নিৰ্মাণত ব্যাপক কেলেংকাৰী, ৰাইজে বন্ধ কৰিলে নিৰ্মাণকাৰ্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.