শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনৰ গ্ৰন্থমেলাত অৰ্ধশতাধিক বিপণি - ৯৩ সংখ্যক শংকৰদেৱ সংঘৰ অধিবেশন

🎬 Watch Now: Feature Video

thumbnail
৯৩ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশন (undefined)

By ETV Bharat Assamese Team

Published : February 9, 2024 at 3:38 PM IST

|

Updated : February 9, 2024 at 5:01 PM IST

1 Min Read
Choose ETV Bharat

ৰঙিয়া, ৯ ফেব্ৰুৱাৰী: ৰঙিয়াৰ ভৈয়ৰাৰ হাতীখলাত ৯৩ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশন আজিৰে পৰা তিনিদিনিয়াকৈ আৰম্ভ হৈছে । এই  অধিবেশনত মুকলি কৰা হৈছে গ্ৰন্থমেলা তথা বাণিজ্য মেলাও । অধিবেশনৰ মূল তোৰণৰ পৰা কিছু আঁতৰত আৰম্ভ হোৱা গ্ৰন্থমেলাত পঞ্চাশখন বিপণিয়ে গ্ৰন্থৰ পোহাৰ মেলিছে । উক্ত গ্ৰন্থমেলাত বিভিন্ন ধৰ্মীয় গ্ৰন্থৰ লগতে ন-পুৰণি গ্ৰন্থ উপলব্ধ হৈছে ।  

আনহাতে, প্ৰথম দিন হিচাপে গ্ৰাহকৰ উপস্থিতি কিছু সেৰেঙা হৈছে । বিক্ৰেতা সকলে অধিবেশনৰ আগন্তুক দিনকেইটাত ক্ৰেতাৰ ভিৰ হ'ব বুলি আশা প্ৰকাশ কৰিছে । ইপিনে, গ্ৰন্থমেলাৰ সমীপতে আৰম্ভ হৈছে বাণিজ্য মেলা । অধিবেশনৰ বাবে উপস্থিত হোৱা লোকসকলে এই বাণিজ্য মেলাতো এপাক মাৰিছে । বিভিন্ন মনোৰঞ্জনধৰ্মী বিপণি সমূহতো ৰাইজে ভিৰ পৰিলক্ষিত হৈছে । আনহাতে, বাণিজ্য মেলাৰ মাজতে নিৰ্মাণ কৰা চক্ৰবেহুৱেও বহু লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । আগন্তুক দিনত এই মেলা দুখনত ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰিব বুলি আশা প্ৰকাশ কৰিছে উদ্য়োক্তাসকলে ।

লগতে পঢ়ক:ভক্তিৰসৰ নৈ বোৱাই আজিৰে পৰা আৰম্ভ শ্রীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া অধিৱেশন

Last Updated : February 9, 2024 at 5:01 PM IST

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details