শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনৰ গ্ৰন্থমেলাত অৰ্ধশতাধিক বিপণি

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 3:38 PM IST

Updated : Feb 9, 2024, 5:01 PM IST

thumbnail

ৰঙিয়া, ৯ ফেব্ৰুৱাৰী: ৰঙিয়াৰ ভৈয়ৰাৰ হাতীখলাত ৯৩ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশন আজিৰে পৰা তিনিদিনিয়াকৈ আৰম্ভ হৈছে । এই  অধিবেশনত মুকলি কৰা হৈছে গ্ৰন্থমেলা তথা বাণিজ্য মেলাও । অধিবেশনৰ মূল তোৰণৰ পৰা কিছু আঁতৰত আৰম্ভ হোৱা গ্ৰন্থমেলাত পঞ্চাশখন বিপণিয়ে গ্ৰন্থৰ পোহাৰ মেলিছে । উক্ত গ্ৰন্থমেলাত বিভিন্ন ধৰ্মীয় গ্ৰন্থৰ লগতে ন-পুৰণি গ্ৰন্থ উপলব্ধ হৈছে ।  

আনহাতে, প্ৰথম দিন হিচাপে গ্ৰাহকৰ উপস্থিতি কিছু সেৰেঙা হৈছে । বিক্ৰেতা সকলে অধিবেশনৰ আগন্তুক দিনকেইটাত ক্ৰেতাৰ ভিৰ হ'ব বুলি আশা প্ৰকাশ কৰিছে । ইপিনে, গ্ৰন্থমেলাৰ সমীপতে আৰম্ভ হৈছে বাণিজ্য মেলা । অধিবেশনৰ বাবে উপস্থিত হোৱা লোকসকলে এই বাণিজ্য মেলাতো এপাক মাৰিছে । বিভিন্ন মনোৰঞ্জনধৰ্মী বিপণি সমূহতো ৰাইজে ভিৰ পৰিলক্ষিত হৈছে । আনহাতে, বাণিজ্য মেলাৰ মাজতে নিৰ্মাণ কৰা চক্ৰবেহুৱেও বহু লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । আগন্তুক দিনত এই মেলা দুখনত ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰিব বুলি আশা প্ৰকাশ কৰিছে উদ্য়োক্তাসকলে ।

লগতে পঢ়ক:ভক্তিৰসৰ নৈ বোৱাই আজিৰে পৰা আৰম্ভ শ্রীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া অধিৱেশন

Last Updated : Feb 9, 2024, 5:01 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.