ETV Bharat / state

ভক্তিৰসৰ নৈ বোৱাই আজিৰে পৰা আৰম্ভ শ্রীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া অধিৱেশন

author img

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 2:19 PM IST

Shankardev Sangha Rangia session begin
আৰম্ভ শ্রীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া অধিৱেশন

Shankardev Sangha Rangia session: দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত ৰঙিয়াৰ ঐতিহ্যমণ্ডিত হাতীখলা পথাৰ । শুভ্ৰতাৰ আঁচলে আৱৰিছে হাতীখলা পথাৰ । হৰিনামৰ ধ্বনিৰে গুঞ্জৰিত চৌদিশ । আগমন হাজাৰ হাজাৰ ভক্তৰ । ভক্তিসিক্ত আদৰণী সেৱা বাহিনীৰ । আজিৰে পৰা আৰম্ভ শ্রীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া অধিৱেশন ।

আৰম্ভ শ্রীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া অধিৱেশন

ৰঙিয়া,৯ ফেব্ৰুৱাৰী: নৰাৰ পথাৰত এতিয়া সমন্বয়ৰ বৰষুণ । ভক্তিৰসৰ এখনি নৈ বৈছে ঐতিহ্যমণ্ডিত হাতীখলা পথাৰত । হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰঙিয়াৰ আকাশ-বতাহ । আজিৰে পৰা তিনিদিনীয়াকৈ আৰম্ভ শ্রীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক ৰঙিয়া অধিৱেশন । হাতীখলা পথাৰত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে । চৌদিশে গুঞ্জৰিত হৈছে হৰিনামৰ ধ্বনি ।

অধিবেশনৰ এদিন পূৰ্বে সেৱাবাহিনীৰ দহ হাজাৰ সেৱক-সেৱিকা উপস্থিত হোৱাৰ পিছতে আজিৰ পৰা অধিবেশনস্থলীলৈ আগমন ঘটিছে ধৰিছে ভকতসকলৰ । একাংশ সেৱাবাহিনীৰ লোকে অধিবেশনৰ মূলদ্বাৰত প্ৰসংগ কৰি থকাৰ বিপৰীতে সেনাবাহিনীৰ লোকে যান-বাহন নিয়ন্ত্ৰণৰ দিশসমুহত ব্যস্ত হৈ পৰা পৰিলক্ষিত হয় ।

উল্লেখযোগ্য যে অধিবেশনৰ তিনি দিনত ২০ লক্ষাধিক ভকত বৈষ্ণবৰ সমাগম হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে । সংঘৰ ঘোষিত কাৰ্যসূচী অনুসৰি প্রথম দিনা পুৱাৰ পৰিৱেশ নিকাকৰণ, নাম-প্ৰসংগৰ পিছত গছপুলি ৰোপণ কৰে প্রাক্তন ৰাষ্ট্রদূত উপেন বড়ো, সংঘৰ ৰঙিয়া জিলা শাখাৰ প্ৰাক্তন সহকাৰী সম্পাদক ৰমেশ ৰাজবংশী আৰু স্থানীয় যুৱ সমাজকর্মী বুবুল আহমেদে ।

কামৰূপৰ ভাৰপ্ৰাপ্ত জিলা আযুক্ত নৰসিং ৰেৱে মূল তোৰণ উন্মোচন কৰে, নামঘৰ মুকলি কৰে ৰঙিয়া জিলা শাখাৰ শৰণ সদস্য চবিন মহন্তই । কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূর্ব ঠাকুৰীয়াই প্রতিনিধি সভাকক্ষৰ তোৰণ উন্মোচন কৰে । আদৰণী সমিতি আৰু মূল সমিতিৰ কাৰ্যালয়ৰ তোৰণ মুকলি কৰে ৰঙিয়াৰ মৰাণজানাস্থিত এছএছবিৰ ডি আই জি জগবীৰ সিঙে ।

উপ-সমিতিৰ কাৰ্যালয়ৰ দ্বাৰ মুকলি কৰে পৰিবহণ বিষয়া ক্ষীৰোদ দাসে । গ্রন্থমেলা আৰু প্রদর্শনীৰ দ্বাৰ মুকলি কৰে ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰে । বিশেষ প্রতিনিধি শিবিৰৰ তোৰণ উন্মোচন কৰে ৰঙিয়াৰ মহকুমাধিপতি দীপন বর্মনে, ৰভা মঞ্চৰ তোৰণ উন্মোচন কৰে জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্র ৰায়ে ।

দিনৰ ভাগত মূল মঞ্চ আৰু মণ্ডপ মুকলি কৰে ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ব্রজেন্দ্র শইকীয়াই, প্রতিনিধি শিবিৰৰ তোৰণ উন্মোচন কৰিব বিটিচিৰ প্রাক্তন ইএম গণেশ কছাৰীয়ে । সংঘৰ পদাধিকাৰ ভবেন্দ্র নাথ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া গ্রন্থ উন্মোচনী সভাত স্মৃতিগ্রন্থ 'ভকতি সিন্ধু' উন্মোচন কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ কুলধৰ শইকীয়াই ।

লগতে পঢ়ক: পদব্ৰজে শংকৰদেৱ সংঘৰ অধিৱেশনত উপস্থিত লখিমপুৰৰ উমাকান্ত সন্দিকৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.