ETV Bharat / state

পদব্ৰজে শংকৰদেৱ সংঘৰ অধিৱেশনত উপস্থিত লখিমপুৰৰ উমাকান্ত সন্দিকৈ

author img

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 9:00 PM IST

Sankaradeva Sangha
শংকৰদেৱ সংঘৰ অধিৱেশন

Sankardeva Sangha Adhiveshan : 320 কিল’মিটাৰ খোজকাঢ়ি শংকৰদেৱ সংঘৰ অধিৱেশনত উপস্থিত হ’ল এগৰাকী ভক্ত ৷ লখিমপুৰৰ পৰা অধিৱেশনস্থলীলৈ পদব্ৰজে যাত্ৰা কৰা বৈষ্ণৱগৰাকীক আদৰণি জনায় ৰঙিয়াবাসীয়ে ৷

পদব্ৰজে শংকৰদেৱ সংঘৰ অধিৱেশত উপস্থিত লখিমপুৰৰ উমাকান্ত সন্দিকৈ

ৰঙিয়া, 8 ফেব্ৰুৱাৰী: শুকুৰবাৰৰ পৰা ১১ ফেব্ৰুৱাৰীলৈকে ৰঙিয়াৰ হাতীখলা পথাৰত অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক অধিৱেশন ৷ উক্ত অধিৱেশনস্থলীলৈ ইতিমধ্যে ৰাওনা হৈছে ৰাজ্যৰ লগতে বহিঃৰাজ্যৰ পৰাও হাজাৰ-হাজাৰ ভক্ত ৷

বৃহৎ ধৰ্মীয় অনুষ্ঠানটোৰ অধিৱেশনলৈ বুলি ৩২০ কিলোমিটাৰ যাত্ৰা খোজকাঢ়ি অৱশেষত ৰঙিয়াত উপস্থিত হ’ল লখিমপুৰৰ বাসিন্দা, সংঘৰ এগৰাকী একনিষ্ঠ সেৱক ৷ ৯ দিনৰ যাত্ৰা শেষ কৰি বৃহস্পতিবাৰে সন্ধিয়া ৰঙিয়াৰ মৰাণজানাৰ হাতীখলাৰ শ্ৰীমন্ত শংৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশনস্থলীত উপস্থিত হয় লালুকৰ উমাকান্ত সন্দিকৈ নামৰ বৈষ্ণৱগৰাকী ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ৰঙিয়াত উপস্থিতৃ হোৱাৰ লগে লগে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বৈষ্ণৱগৰাকীক উষ্ম আদৰণি জনায় জাতি-বৰ্ণ নিৰ্বিশেষে ৰঙিয়াৰ বহু লোকে ৷ নটা দিনৰ পূৰ্বে যাত্ৰা আৰম্ভ কৰি লখিমপুৰৰ পৰা বিশ্বনাথ, তেজপুৰ, ওদালগুৰি হৈ প্ৰায় ৩২০ কিল’মিটাৰ পথ অতিক্ৰম কৰি বৃহস্পতিবাৰে ৰঙিয়াত উপস্থিত হয় এক শৰণ নাম ধৰ্মৰ আদৰ্শৰে অনুপ্ৰাণিত, শ্ৰীমন্ত শংকৰদেৱৰ একান্ত ভক্ত উমাকান্ত সন্দিকৈ ৷

ৰঙিয়াৰ ৰাজপথত বৈষ্ণৱগৰাকীক বিভিন্নজনে গামোচাৰে আঁদৰণি জনোৱাৰ লগতে আপ্যায়ন কৰে চাহ-পিঠাৰে । তদুপৰি বৈষ্ণৱগৰাকীৰ লগত ফটোত উঠিও উৎসাহ যোগায় পথচাৰীসকলে । ৯৩ সংখ্যক শংকৰ সংঘৰ ৰঙিয়া অধিৱশনত জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে ৰাইজৰ সহায়-সহযোগিতা তথা উপস্থিতিৰে অধিৱশখনি সফল কৰি তুলিবলৈ আহ্বান জনায় বৈষ্ণৱ উমাকান্ত সন্দিকৈয়ে ।

উল্লেখ্য যে ৰঙিয়াৰ হাতীখলা পথাৰৰ প্ৰায় সাতশ বিঘা ভূমিক সামৰি অনুষ্ঠিত কৰা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক অধিৱেশন । প্ৰায় ২৫ লাখ ভক্ত-প্ৰতিনিধিক আদৰিবলৈ সাজু হৈ আছে আয়োজক সমিতি ৷ ভক্ত-প্ৰতিনিধিসকল থাকিবৰ বাবে সাজু কৰা হৈছে ১১০ টা শিৱিৰ । একেলগে দহ হাজাৰ লোকে আহাৰ গ্ৰহণ কৰিব পৰাকৈ গঢ়ি তুলৈ হৈছে ভোজনালয় ৷ তদুৰি ৩০৮ টা চৌকা আছে ৰান্ধনীশালত ৷

লগতে পঢ়ক: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়াৰ অধিৱেশনৰ অন‍্যতম আকৰ্ষণ চক্ৰবেহু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.