গুৱাহাটী বিমানবন্দৰত উপস্থিত শ্বহীদ লম্বোদৰ সিংহৰ নশ্বৰ দেহ

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 11:10 AM IST

Updated : Feb 1, 2024, 11:41 AM IST

thumbnail

গুৱাহাটী,১ ফ্ৰেব্ৰুৱাৰী : ছত্তীশগড়ত মাওবাদীৰ আক্ৰমণত শ্বহীদ হোৱাৰ অসমৰ চিআৰপিএফ জোৱান লম্বোদৰ সিংহ নশ্বৰ দেহ বৃহস্পতিবাৰে পুৱাই গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় । বিমানবন্দৰত সামৰিক মৰ্যাদাৰে শ্বহীদগৰাকীৰ নশ্বৰ দেহ গ্ৰহণ কৰা হয় আৰু বিভিন্নজনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, চিআৰপিএফ, অসম আৰক্ষী আৰু চিআইএছএফৰ উচ্চ পদস্থ বিষয়া তথা জোৱানসকলে শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । বিমানবন্দৰৰ পৰা শ্বহীদ লম্বোদৰ সিংহৰ নশ্বৰ দেহ তেওঁৰ চিৰাং জিলাৰ কাকাৰগাঁওৰ বাসগৃহলৈ লৈ যোৱা হয় ।

উল্লেখ্য যে ৩০ ডিচেম্বৰত ছত্তীশগড়ৰ বিজাপুৰ আৰু সুকমাৰ সীমান্ত অঞ্চলত মাওবাদী আৰু নিৰাপত্তা বাহিনীৰ সংঘৰ্ষ হৈছিল । য'ত দেশৰ নিৰাপত্তা বাহিনীৰ ৩ গৰাকী জোৱান শ্বহীদ হৈছিল । তাৰ ভিতৰত অসমৰ চিৰাঙৰ লম্বোদৰ সিংহও আছিল । চিআৰপিএফৰ ১৫০ বেটেলিয়নৰ জোৱান আছিল লম্বোদৰ সিংহ ।

লগতে পঢ়ক :মাওবাদীৰ আক্ৰমণত অসমৰ চিআৰপিএফ জোৱান নিহত, চিৰাঙত শোকাকুল পৰিৱেশ

Last Updated : Feb 1, 2024, 11:41 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.