ETV Bharat / bharat

মাওবাদীৰ আক্ৰমণত অসমৰ চিআৰপিএফ জোৱান নিহত, চিৰাঙত শোকাকুল পৰিৱেশ

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 2:22 PM IST

Assam CRPF jawan death in chhatishgarh
মাওবাদীৰ আক্ৰমণত অসমৰ চিআৰপিএফ জোৱান নিহত, চিৰাঙত শোকাকুল পৰিৱেশ

Chhatishgarh Naxalite attack : ছত্তীশগড়ৰ বিজাপুৰ আৰু সুকমা সীমান্তৰ তেকালগুডেমত নক্সালবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ ৷ এই সংঘৰ্ষত নিহত হোৱা তিনিগৰাকী জোৱান নিহত হোৱাৰ ভিতৰত এজন অসমৰ জোৱান আছিল ৷ ইয়াৰ পিচতে জোৱানজনৰ ঘৰত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে ৷

মাওবাদীৰ আক্ৰমণত অসমৰ চিআৰপিএফ জোৱান নিহত, চিৰাঙত শোকাকুল পৰিৱেশ

নেশ্যনেল ডেস্ক, 31 জানুৱাৰী : 30 জানুৱাৰীৰ দুপৰীয়া প্ৰায় 1 বজাত ছত্তীশগড়ৰ বিজাপুৰ আৰু সুকমাৰ সীমান্ত অঞ্চলত নক্সালবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা সংঘটিত হৈছিল ৷ এই সংঘৰ্ষৰ ঘটনাত তিনিজন সৈনিক নিহত হৈছে । তিনিজন মৃত জোৱানৰে এজন জোৱান অসমৰ চিৰাঙৰ কাকৰাগাওঁৰ লম্বোদৰ সিংহ বুলি জানিব পৰা গৈছে ৷

এই খবৰ লাভ কৰাৰ পিচতে চিৰাং জিলাৰ ভাটিপাৰা গাঁৱত কান্দোনৰ ৰোল উঠিছে ৷ চিৰাং জিলা আৰক্ষী অধিক্ষক প্ৰাণজিৎ বৰা, চি আৰ পি এফৰ শীৰ্ষ বিষয়াসহ বহু বিষয়াই ঘৰখনত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালটোক সমবেদনা জনাইছে ৷

জানিব পৰামতে, শ্বহীদ জোৱান লম্বোদৰ সিংহই 2011 চনত চিআৰপিএফত যোগদান কৰিছিল । তেওঁৰ পৰিয়ালত পিতৃ-মাতৃৰ লগতে জ্যেষ্ঠ ভাতৃ, পত্নী আৰু এগৰাকী 9 বছৰীয়া জীয়ৰীয়ো আছে । শ্বহীদ জোৱান লম্বোদৰ সিংহৰ নশ্বৰদেহ বৃহস্পতিবাৰে পুৱাৰ ভাগত ঘৰলৈ অনাৰ কথা জানিবলৈ দিয়ে নামনি অসমৰ ডিআইজি সুনন কুমাৰে ৷ তেওঁ লগতে চৰকাৰীভাৱে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব বুলি সদৰী কৰে ৷ এই ঘটনাই এতিয়া সমগ্ৰ গাঁৱৰ লগতে চিৰাং জিলাত শোকৰ ছাঁ পেলাইছে ৷

উল্লেখ্য যে, এই সংঘৰ্ষত 14 গৰাকী জোৱান আহত হৈছে বুলি জানিব পৰা গৈছে ৷ কোব্ৰাৰ 201 নং বেটেলিয়ন আৰু চিআৰপিএফৰ 150 নং বেটেলিয়নৰ এটা দলে অঞ্চলটোত ফৰৱাৰ্ড অপাৰেটিং বেছ (এফঅ'বি) স্থাপনৰ বাবে কাম কৰি থকাৰ সময়তে 30 জানুৱাৰীৰ দুপৰীয়া প্ৰায় 1 বজাত গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় ৷ ইতিমধ্যে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও চাইয়ে আহত জোৱানসকলক ৰায়পুৰৰ বালাজী চিকিৎসালয়ত সাক্ষাৎ কৰে ৷

লগতে পঢ়ক: ছত্তীশগড় সীমান্তত নক্সালবাদীৰ আক্ৰমণ, অসমৰ জোৱান লম্বোদৰ সিংহ ছহীদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.