ETV Bharat / bharat

ছত্তীশগড় সীমান্তত নক্সালবাদীৰ আক্ৰমণ, অসমৰ জোৱান লম্বোদৰ সিংহ শ্বহীদ

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 8:10 AM IST

Updated : Jan 31, 2024, 2:26 PM IST

Etv BharatNaxalite attack in Bijapur Chhattisgarh
ছত্তীশগড় সীমান্তত নক্সালবাদীৰ আক্ৰমণ, ৩ জন জোৱান শ্বহীদ

Naxalite attack in Bijapur : ছত্তীশগড়ৰ বিজাপুৰ আৰু সুকমা সীমান্তৰ তেকালগুডেমত নক্সালবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ সংঘটিত হৈছে ৷ এই সংঘৰ্ষত তিনিগৰাকী সৈনিক নিহত হোৱাৰ খবৰ পোহৰলৈ আহিছে ৷ আনহাতে 14 জনতকৈও অধিক সৈনিক আহত হয় ৷ তিনিগৰাকী জোৱানৰ ভিতৰত এজন অসমৰ জোৱান বুলি জানিব পৰা গৈছে ৷

ছত্তীশগড় সীমান্তত নক্সালবাদীৰ আক্ৰমণ, ৩ জন জোৱান শ্বহীদ

নেশ্যনেল ডেস্ক, 31 জানুৱাৰী : ছত্তীশগড়ৰ বিজাপুৰ আৰু সুকমাৰ সীমান্ত অঞ্চলত নক্সালবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ হোৱাৰ ঘটনা পোহৰলৈ আহিছে । এই সংঘৰ্ষৰ ঘটনাত তিনিজন সৈনিক নিহত হৈছে । আনহাতে এই সংঘৰ্ষত 14 গৰাকী জোৱান আহত হৈছে বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে আহত জোৱানকেইজনক উন্নত চিকিৎসাৰ বাবে ৰায়পুৰ আৰু জগদলপুৰলৈ বিমানেৰে লৈ যোৱা হৈছে। জানিব পৰামতে, তিনিজন মৃত জোৱানৰে এজন জোৱান অসমৰ চিৰাঙৰ কাকৰাগাওঁৰ লম্বোদৰ সিংহ বুলি জানিব পৰা গৈছে ৷

বস্তাৰৰ আইজি পি সুন্দৰৰাজে এই ঘটনাৰ কথা নিশ্চিত কৰিছিল । আইজিগৰাকীয়ে কোৱা অনুসৰি, এই গুলীয়াগুলীৰ ঘটনাত 14 জন সৈনিক আহত হৈছে, তেওঁলোক বৰ্তমান সুস্থ অৱস্থা আছে বুলি জানিব পৰা গৈছে ৷ আইজিয়ে দাবী কৰা অনুসৰি, জোৱানৰ গুলীত 6 জনতকৈও অধিক মাওবাদী নিহত হৈছে ।

উল্লেখ্য যে, কোব্ৰাৰ 201 নং বেটেলিয়ন আৰু চিআৰপিএফৰ 150 নং বেটেলিয়নৰ এটা দলে অঞ্চলটোত ফৰৱাৰ্ড অপাৰেটিং বেছ (এফঅ'বি) স্থাপনৰ বাবে কাম কৰি থকাৰ সময়তে 30 জানুৱাৰীৰ দুপৰীয়া প্ৰায় 1 বজাত গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় ৷ ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও চাইয়ে আহত জোৱানসকলক ৰায়পুৰৰ বালাজী চিকিৎসালয়ত সাক্ষাৎ কৰে ৷

ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও চাইয়ে কয়, "আমাৰ জোৱানসকলে গুলীৰ উপযুক্ত প্ৰত্যুত্তৰ দিছিল। বিজেপিয়ে ছত্তীশগড়ত চৰকাৰ গঠন কৰাৰ পিচতে আমি নক্সালসকলক উপযুক্ত প্ৰত্যুত্তৰ দিছো । তিনিজন জোৱানে প্ৰাণ আহুতি দিয়ে । দ্বৈত ইঞ্জিনৰ চৰকাৰে অনাগত দিনত নক্সালবাদীসকলৰ অৱসান ঘটাব।"

"নক্সালৰ ফালৰ পৰা প্ৰথমে গুলীবৰ্ষণ হৈছিল । আমাৰ জোৱানসকলে ইয়াৰ প্ৰতিশোধ ল'লে... নক্সালবাদীসকলে তেওঁলোকৰ লোকসকলৰ মৃতদেহ তুলি লৈ যোৱাৰ ভিডিঅ' ফুটেজ আছে । মুঠ 15 জন সৈনিক আহত হৈছে আৰু ৩ জনে প্ৰাণ হেৰুৱাইছে," ছত্তীশগড়ৰ ডিজিপি অশোক জুনেজাই জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: মণিপুৰ হিংসা: প্ৰতিদ্বন্দ্বী জনগোষ্ঠীৰ মাজত সংঘৰ্ষত নিহত 2, আহত 5 জন

Last Updated :Jan 31, 2024, 2:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.