বকোৰ গান্ধী মৈদানত বড়ো সাহিত্য সভাৰ বাৰ্ষিক অধিবেশন

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 6:58 PM IST

thumbnail

বকো,২০ জানুৱাৰী : কামৰূপ জিলাৰ বকোত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে বড়ো সাহিত্য সভাৰ বাৰ্ষিক অধিবেশন । ৬৩ সংখ্যক বাৰ্ষিক অধিবেশনৰ আজি দ্বিতীয় দিন । পুৱা পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণৰ জৰিয়তে কাৰ্যসূচী আৰম্ভ হয় । দ্বিতীয় দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি ।

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্য্যকান্ত হাজৰিকাও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে । এই অনুষ্ঠানতে স্মৃতিগ্ৰন্থও উন্মোচন কৰা হয় । এই অনুষ্ঠানতে শিক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষা ব্যৱস্থাৰ সংস্কাৰ অবিহনে ভাষা এটা অকল মঞ্চত জীয়াই ৰাখিব নোৱাৰি । শিক্ষা ব্যৱস্থা উন্নীতকৰণৰ বাবে সাহিত্য সভাসমূহৰ দায়িত্ব আছে ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত ইতিমধ্যে দুই লাখতকৈ অধিক শিক্ষক নিযুক্তি দিয়া হৈছে আৰু চলিতো মাহতো পুনৰ ১৪ হাজাৰ পদৰ বিজ্ঞাপন দিয়া হৈছে বুলি তেওঁ উল্লেখ কৰে । এইদৰে অতি সোনকালে চৰকাৰী বিদ্যালয়ত শিক্ষকৰ অভাৱ পূৰণ কৰা হ'ব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে ।

লগতে পঢ়ক :বিটিআৰ চুক্তিৰ আধাৰত বিকেডব্লিউএচিৰ গাঁও চিনাক্তকৰণৰ দাবী সংযুক্ত বড়ো গণ মঞ্চৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.