চন্দ্ৰপুৰত নাও দুৰ্ঘটনা: ব্ৰহ্মপুত্ৰত পৰি যুৱকৰ মৃত্যু - One Died
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/26-01-2024/640-480-20599732-thumbnail-16x9-boat.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jan 26, 2024, 6:07 PM IST
গুৱাহাটী, 26 জানুৱাৰী : পানীখাইতি হাতীশিলা বনভোজস্থলীত অঘটন ৷ ব্ৰহ্মপুত্ৰত পৰি মৃত্যু এজন যুৱকৰ ৷ নদীত টুলুঙা নাও চলাই থকা অৱস্থাত পানীত পৰি অকাল মৃত্যুক সৱটিলে এজন যুৱকে ৷
জানিব পৰা মতে এই স্থানত বনভোজ খাবলৈ অহা এজন যুৱকে ব্ৰহ্মপুত্ৰত এখন টুলুঙা নাও চলাইছিল ৷ কিন্তু নাও চলাই থকা অৱস্থাতে দু্ৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লয় যুৱকজনে ৷
ঘটনাস্থলীত পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হয় ৷ ইতিমধ্যে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷ উদ্ধাৰ হোৱা মৃত যুৱকজন কামৰূপৰ বাইহাটা চাৰিআলিৰ অবিনাশ ডেকা বুলি জানিব পৰা গৈছে ৷ যুৱকজন অমিনগাঁৱৰ হোটেল বৰলোহিতৰ মেনেজাৰ আছিল বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : গাঁতৰ পৰা ওলাইছে অহৰহ ধোঁৱা আৰু গেছৰ গোন্ধ : আতংকিত ৰাইজ