18 এপ্ৰিলত কোকৰাঝাৰলৈ জে পি নাড্ডা: 70 হাজাৰ জনতাক সম্বোধনৰ লক্ষ্য - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 7:26 PM IST

thumbnail

কোকৰাঝাৰ, ১৬ এপ্ৰিল : অহা ৭ মে’ত অসমত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ এক নং কোকৰাঝাৰ জনজাতি লোকসভা সমষ্টিত বৃদ্ধি পাইছে তৎপৰতা ৷ কোকৰাঝাৰ সমষ্টি দখলৰ বাবে পূৰ্ণোদ্যমে নামি পৰিছে এন ডি এ বাহিনী ৷ ইয়াৰে অংশ হিচাপে বিজেপিৰ ১৮ এপ্ৰিলত কোকৰাঝাৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ৷

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে সমষ্টিটোৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰ চলাব ৷ তাৰ বাবে কোকৰাঝাৰ চহৰৰ গ্ৰীণফিল্ডত ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে ৷ মঙলবাৰে বি টি আৰ প্ৰধান প্ৰমোদ বড়ো , বিধায়ক লৰেন্স ইছলাৰী আৰু বিজেপি নেতা তথা বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’ই কোকৰাঝাৰ গ্ৰীণ ফিল্ডত উপস্থিত হৈ প্ৰস্তুতিৰ বুজ লয় ৷

উল্লেখ্য যে, প্ৰায় সত্তৰ হাজাৰৰোধিক জনতা উপস্থিত থাকিবলগীয়া উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত নাড্ডাৰ উপৰিও ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা , বি টি আৰ প্ৰধান প্ৰমোদ বড়োসহ বিজেপি, ইউ পি পি এল আৰু অগপ দলৰ নেতা-কৰ্মীসকল উপস্থিত থাকিব ৷

লগতে পঢ়ক: ৬ জনগোষ্ঠীৰ জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ বেতন বৃদ্ধিৰ প্ৰতিশ্ৰুতি প্ৰিয়ংকাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.