তিনিচুকীয়াত গৰু গা ধুৱাই সোণোৱালে ভাগ ল'লে পৰম্পৰাগত কণী যুঁজত - Rongali Bihu 2024

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 12:55 PM IST

thumbnail

তিনিচুকীয়া, 13 এপ্ৰিল : ৰাজ্যৰ চৌদিশে ব’হাগৰ উলাহ ৷ আজি গৰু বিহু ৷ পৰম্পৰাগত নীতি-নিয়মৰে ৰাইজে পালন কৰিছে গৰু বিহু ৷ বাদ পৰি ৰোৱা নাই ৰাজনৈতিক নেতাসকলো ৷  

গৰু বিহুৰ দিনা তিনিচুকীয়াত পৰম্পৰাগত কণী যুঁজত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে ৷ বজালতলি যুৱ সংঘ আৰু পুথিভঁৰালৰ উদ্যোগত গাঁওবাসীয়ে পালন কৰা গৰু বিহুস্থলীত সৰ্বানন্দ সোণোৱালে জ্যেষ্ঠজনৰ আশীৰ্বাদ লোৱাৰ লগতে গৰু গা ধুৱাই ৰাইজৰ লগতে গৰুক মাহ-হালধি সানি দীঘলতী-মাখিয়তিৰে কোবাই, গৰুৰ গালৈ লাও-বেঙেনা-থেকেৰা দলিয়াই গৰুক গা ধুৱাই নেতাজনে ৷ 

ইয়াৰ পাচতে পৰম্পৰাগতভাৱে অনুষ্ঠিত হোৱা কণী যুঁজত অংশগ্ৰহণ কৰে বিজেপিৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ এই অনুষ্ঠানত লগতে উপস্থিত থাকে মন্ত্ৰী তথা তিনিচুকীয়া বিধানসভাৰ সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ ৷ 
 

লগতে পঢ়ক : আজি গৰু বিহু; বিশ্বাস আৰু পৰম্পৰাৰ বোঁৱতি নৈ - RONGALI BIHU 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.