সোণাৰিত নেতাজীৰ ১২৭ সংখ্যক জন্ম জয়ন্তী উদযাপন

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 5:57 PM IST

thumbnail

মৰাণ, ২৩ জানুৱাৰী : সমগ্ৰ দেশৰ লগতে আজি সোণাৰিতো নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী পালন কৰা হয় । স্বাধীনতা সংগ্ৰামী বীৰ সেনানী নেতাজীৰ ১২৭ সংখ্যক জন্মজয়ন্তী সোণাৰিত অনুষ্ঠিত হয় । সোণাৰিত নেতাজী সংঘৰ উদ্যোগত আৰু সোণাৰিবাসীৰ সহযোগত ভজো তিনিআলিত পালন কৰা হয় নেতাজীৰ জন্ম জয়ন্তী ।  

ভজো তিনিআলিত নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তিত পতাকা উত্তোলন কৰাৰ পিচত নেতাজীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰা হয় । লগতে নেতাজীৰ জীৱন পৰিক্ৰমাৰ ওপৰত আলোচনা কাৰ্যসূচীৰে উদযাপন কৰা হয় তেওঁৰ জন্মজয়ন্তী । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি নেতাজীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্তই ।  

উল্লেখ্য় যে ১৮৯৭ চনৰ ২৩ জানুৱাৰীত ওড়িসাত জন্মগ্ৰহণ কৰা নেতাজী সুভাষ চন্দ্ৰ বসু জড়িত হৈ পৰিছিল দেশৰ স্বাধীনতা আন্দোলনত । দেশক শৃংখলমুক্ত কৰাৰ লক্ষৰে গঠন কৰিছিল আজাদ হিন্দ ফৌজ ।

হাফলঙত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী উদযাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.