বঙাইগাঁৱত উলহ মালহেৰে আয়োজন চিলাৰায় দিৱস

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 4:10 PM IST

thumbnail

বঙাইগাঁও, ২৪ ফেব্ৰুৱাৰী : আজি (শনিবাৰ) বিশ্ব মহাবীৰ চিলাৰায় দিৱস ৷ সমগ্ৰ ৰাজ্যৰ লগতে বঙাইগাঁও জিলাৰ বৰপাৰাতো বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয় বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ কাৰ্যসূচী ৷ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বঙাইগাঁও নগৰ শাখাৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই অনুষ্ঠান ।

কোঁচ ৰাজবংশীৰ গীত-নৃত্যৰ লগতে শোভাযাত্ৰাৰ মাধ্যমৰ মাজেৰে বিশ্ব মহাবীৰগৰাকীক স্মৰণ কৰা হয় ৷ আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ সুকেন ৰায়, বঙাইগাঁও পৌৰসভাৰ পৌৰপতি সুবোধ চন্দ্ৰ দাস, বিশিষ্ট সমাজকৰ্মী শ্যামল নাৰায়ণ দেৱ, ড৹ ইতেশ বৰদলৈ আৰু লগতে জিলাখনৰ কেবাজনো বিশিষ্ট ব্যক্তি ৷

চিলাৰায় দিৱস উপলক্ষে আজি এক বৃহৎ জনসভাও অনুষ্ঠিত কৰা হয় ৷ ইফালে কোঁচ ৰাজবংশীৰ কলা-সংস্কৃতি ৰাইজৰ মাজত লৈ যোৱাৰ বাবে বাহিৰ কৰা সাংস্কৃতিক শোভাযাত্ৰাত বহু লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷ অৱশ্যে বঙাইগাঁও বৰপাৰাৰ পৰা নতুন পাৰাস্থিত ৱাকিং জ’নত এই শোভাযাত্ৰাৰ সামৰণি পৰে ।

লগতে পঢ়ক : কোকৰাঝাৰত বীৰ চিলাৰায় দিৱস উদযাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.