সাত লাখতকৈ অধিক ভোটত জয়ী হ’ব সৰ্বানন্দ সোণোৱাল: বিধায়ক বিনোদ হাজৰিকা

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 11:43 AM IST

thumbnail

মৰাণ, 5 মাৰ্চ : সমাগত লোকসভা নিৰ্বাচনক লৈ ৰাজ্যত প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে ব্যাপক তৎপৰতা । শনিবাৰে বহু জল্পনা কল্পনাৰ পাচত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই প্ৰথমখন প্ৰাৰ্থী তালিকাত অসমৰ ১১ টাকৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে । বিজেপিৰ প্ৰাৰ্থী তালিকা অনুসৰি ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । ইয়াৰ পাচতেই যেন বিৰোধী ৰাজনৈতিক দলৰ ৰাজনৈতিক হিচাপ নিকাচত আউল লাগিছে । আপে ডিব্ৰুগড়ত প্ৰাৰ্থী প্ৰদান কৰি প্ৰচাৰ অব্যাহত ৰখা সময়ত বিৰোধীৰ ঐক্য মঞ্চই অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক ডিব্ৰুগড়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰোৱাব বুলি চৰ্চা চলিছে । 

ইয়াৰ পাচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লাহোৱাল বিধানসভা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাই । বিধায়কগৰাকীৰে কয় যে, ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিলে আমানতৰ ধন হেৰুৱাব লুৰীণজ্যোতি গগৈয়ে । সাত লাখতকৈ অধিক ভোটত জয়ী হ'ব সৰ্বানন্দ সোণোৱাল । ঝাৰু পাৰ্টী ঝাৰু হৈ যাব, ডিব্ৰুগড় কোনো ফেক্টৰেই নহয় সৰ্বানন্দ সোণোৱালৰ বাবে । ডিব্ৰুগড় লোকসভা সমষ্টিত বিৰোধীক একপ্ৰকাৰে অপ্ৰাসংগিক আখ্যা দিলে বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ কাৰ্যসূচী সন্দৰ্ভত বঙাইগাঁৱত অভিভাৱক মন্ত্ৰীৰ পৰ্যালোচনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.