পদ্মশ্ৰী সন্মান লাভ কৰা পাৰ্বতী বৰুৱা-সৰ্বেশ্বৰ বসুমতাৰী-দ্ৰোণ ভূঞালৈ বিমল বড়াৰ শুভেচ্ছা

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 9:26 AM IST

thumbnail

মাজুলী, ২৬ জানুৱাৰী : ঘোষণা কৰা হ'ল ২০২৪ বৰ্ষৰ পদ্ম বঁটা ৷ অসমৰ তিনিগৰাকীলৈ আগবঢ়োৱা হৈছে এই সন্মান ৷ এইবৰ্ষৰ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে ধুবুৰীৰ গৌৰীপুৰৰ পাৰ্বতী বৰুৱালৈ । ভাৰতৰ প্ৰথমগৰাকী মহিলা মাউত হিচাপে পৰিচিত পাৰ্বতী বৰুৱা ৷ ইয়াৰোপৰি আদৰ্শ কৃষক সৰ্বেশ্বৰ বসুমতাৰীলৈও আগবঢ়োৱা হৈছে দেশৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী ৷ লগতে শিল্পী দৰং জিলাৰ ছিপাঝাৰৰ দ্ৰোণ ভূঞালৈ আগবঢ়োৱা হৈছে ২০২৪ বৰ্ষৰ পদ্মশ্ৰী সম্মান ৷

এই তিনিগৰাকী বিশেষ ব্যক্তিয়ে সন্মান লাভ কৰাক লৈ উৎফুল্লিত হৈ পৰিছে ৰাজ্যবাসী । ইয়াৰ মাজতে মাজুলীত পদ্মশ্ৰী বঁটাপ্ৰাপক পাৰ্বতী বৰুৱা আৰু সৰ্বেশ্বৰ বসুমতাৰী শুভেচ্ছা জ্ঞাপন কৰে মন্ত্ৰী বিমল বড়াই । মন্ত্ৰীগৰাকীয়ে কয় যে সন্মানৰ ভিতৰত পদ্ম বঁটা অতি গুৰুত্বপূৰ্ণ আৰু মহত্বপূৰ্ণ । সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা আগবঢ়োৱা হয় । সমাজৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে পাৰ্বতী বৰুৱা আৰু সৰ্বেশ্বৰ বসুমতাৰীলৈ এই স্বীকৃতি প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক: মহিলা মাউত পাৰ্বতী বৰুৱা, আদৰ্শ কৃষক সৰ্বেশ্বৰ বসুমতাৰী শিল্পী দ্ৰোণ ভূঞালৈ পদ্মশ্ৰী সন্মান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.