ETV Bharat / state

মহিলা মাউত পাৰ্বতী বৰুৱা, আদৰ্শ কৃষক সৰ্বেশ্বৰ বসুমতাৰী শিল্পী দ্ৰোণ ভূঞালৈ পদ্মশ্ৰী সন্মান

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 10:54 PM IST

Updated : Jan 26, 2024, 8:25 AM IST

Padma Awards 2024 : তিনি অসমীয়ালৈ পদ্মশ্ৰী সন্মান ৷ দেশৰ একমাত্ৰ মহিলা মাউত পাৰ্বতী বৰুৱা, দৰং জিলাৰ ছিপাঝাৰৰ দ্ৰোণ ভূঞা আৰু আদৰ্শ কৃষক সৰ্বেশ্বৰ বসুমতাৰীলৈ এই সন্মান ৷

Padma Awards 2024
দুই অসমীয়ালৈ পদ্মশ্ৰী সন্মান

গুৱাহাটী, 25 জানুৱাৰী : গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ঘোষণা কৰা হ’ল 2024 বৰ্ষৰ পদ্ম বঁটা ৷ অসমৰ দুগৰাকীলৈ আগবঢ়োৱা হৈছে এই সন্মান ৷ ধুবুৰীৰ গৌৰীপুৰৰ পাৰ্বতী বৰুৱালৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান ৷ পাৰ্বতী বৰুৱা হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা মাউত ৷ আনহাতে আদৰ্শ কৃষক সৰ্বেশ্বৰ বসুমতাৰীলৈও আগবঢ়োৱা হৈছে দেশৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী ৷

উল্লেখ্য যে পাৰ্বতী বৰুৱা হাতী চিকাৰ বা হাতীক ধৰি আনি প্ৰশিক্ষণ দিয়াৰ কামৰ সৈতে জড়িত এগৰাকী অসমীয়া নাৰী ৷ সমগ্ৰ বিশ্বতে তেওঁ “কুইন অৱ দ্য এলিফেণ্টছ” বুলি পৰিচিত ৷ 1967 চনত তেওঁ অসমৰ কচুগাঁৱত 14 বছৰ বয়সতে জীৱনৰ প্ৰথমটো হাতী ধৰিছিল ৷ পাৰ্বতী বৰুৱাৰ তত্বাৱধান তথা নিৰ্দেশনাত 400 তকৈও অধিক সংখ্যক হাতীক প্ৰশিক্ষণ দিয়া হৈছে ৷ জীৱনজোৰা কৃতিত্বৰ বাবে অসম চৰকাৰে তেওঁক 2003 চনত ‘অনাৰেৰি চীফ এলিফেণ্ট ৱাৰ্ডেন অফ আছাম’ সন্মানেৰে বিভূষিত কৰিছিল ৷

1989 চনত বৰুৱাক ইউনাইটেড নেশ্যনছ এনভায়ৰনমেণ্ট প্ৰ’গ্ৰামছৰ (ইউ এন ই পি) “গ্ল’বেল 500-ৰ’ল অৱ অ’নাৰ” সন্মান আগবঢ়োৱা হৈছিল ৷ পাৰ্বতী বৰুৱাক সমগ্ৰ বিশ্বৰ আগত পৰিচয় কৰাই দিছিল ব্ৰিটিছ লেখক মাৰ্ক শ্বেণ্ডে ৷ 1995 চনত উত্তৰ বংগৰ এক হাতী শিবিৰত পাৰ্বতী বৰুৱাক তেওঁ লগ পায় ৷ তেওঁ 4 মাহ কাল পাৰ্বতী বৰুৱাৰ সৈতে ছাঁটোৰ দৰে হিমালয়ৰ পাদ দেশত হাবিয়ে-বনে হাতী ধৰাৰ খুটি-নাটি অধ্যয়ন কৰি নেশ্যনেল জিঅ’গ্ৰাফিক চেনেলৰ বাবে এখন তথ্যচিত্ৰ নিৰ্মাণ কৰি উলিয়ায় ৷ লগতে পাৰ্বতী বৰুৱাৰ বিষয়ে মাৰ্ক শ্বেণ্ডে “কুইন অৱ দ্য এলিফেণ্টছ” নামৰ গ্ৰন্থখন লিখি উলিয়ায় ৷ ইয়াৰ পাছৰে পৰাই সমগ্ৰ বিশ্বই পাৰ্বতী বৰুৱাক “কুইন অৱ দ্য এলিফেণ্টছ” বুলি স্বীকৃতি দিয়ে ৷

ইফালে চিৰাং জিলাৰ বিজনী মহকুমাৰ পাণবাৰী অঞ্চলৰ আদৰ্শ খেতিয়ক সৰ্বেশ্বৰ বসুমতাৰীলৈ ভাৰত চৰকাৰে আগবঢ়াইছে পদ্মশ্ৰী সন্মান ৷ কৃষকজনক চৰকাৰে এই সন্মানেৰে বিভূষিত কৰাত উৎফুল্লিত হৈ পৰিছে জিলাখনৰ কৃষক সমাজ ৷ সন্মিলিত কৃষি পদ্ধতিৰে কৃষিকৰ্ম কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা সৰ্বেশ্বৰ বসুমতাৰীয়ে একেডৰা ভূমিতে কল, তামোল, কমলা, জলকীয়া, লিচু, নেমু আদি সন্মিলিতভাৱে ৰোপণ কৰি কৃষিকাৰ্যৰ ব্যয় সংকোচন কৰাৰ লগতে অধিক লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

বছৰটোৰ অধিকাংশ সময় তেওঁ এই কৃষিক্ষেত্ৰৰ পৰাই উপাৰ্জনৰ বাট মুকলি কৰিছে ৷ প্ৰগতিশীল কৃষক সৰ্বেশ্বৰ বসুমতাৰীয়ে বৰ্তমান সময়ত কৃষি বিভাগৰ পৰামৰ্শ অনুসৰি ডীপ ইৰিগেশ্যন, স্প্ৰীলাৰ ইৰিগেশ্যন আদিৰ দৰে নতুন নতুন কৃষি প্ৰযুক্তি ব্যাৱহাৰ কৰি 100 বিঘাৰো অধিক ভূমিত ধানৰ লগতে তামোল, কল, মাকৈ, জলকীয়া, হালধি, নেমু আৰু বিভিন্ন প্ৰকাৰৰ পাচলিৰ খেতি কৰিছে ৷

উল্লেখযোগ্য যে সৰ্বেশ্বৰ বসুমতাৰীয়ে কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বিতা অৰ্জন কৰাৰ লগতে বহু লোকক সংস্থাপন দিবলৈ সক্ষম হৈছে ৷ নতুন নতুন উদ্ভাৱনী কৃষি পদ্ধতিৰে সফলতা লাভ কৰা কৃষকগৰাকীয়ে দেশৰ বিভিন্ন ৰাজ্যৰ লগতে বিদেশৰ পৰাও সন্মান লাভ কৰিছে ৷

Padma Awards 2024
শিল্পী দ্ৰোণ ভূঞালৈ পদ্মশ্ৰী সন্মান

অসমৰ আন এগৰাকী শিল্পী দৰং জিলাৰ ছিপাঝাৰৰ দ্ৰোণ ভূঞালৈ আগবঢ়োৱা হৈছে ২০২৪ বৰ্ষৰ পদ্মশ্ৰী সম্মান । অসমৰ শিল্পী দৰং জিলাৰ ছিপাঝাৰৰ দ্ৰোণ ভূঞাই ওজাপালি নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নীৰৱে কাম কৰি আহিছে। ২০২১ চনত তেওঁ ৰাজ্য চৰকাৰৰ কলাগুৰু বিষ্ণু ৰাভা বঁটাৰে সন্মানিত হৈছিল । যোৱা ১৬ জানুৱাৰীত ৰাজ্য চৰকাৰে ঘোষণা কৰা অসম গৌৰৱ বঁটাও লাভ কৰিছে লোক-কৃষ্টিৰ সাধক দ্রোণ ভূঞাই ।

পদ্মশ্রী সন্মান লাভ কৰা ১১০ জনীয়া তালিকাত থকা অন্যান্য বিশিষ্ট লোকসকলৰ ভিতৰত আছে মিজোৰামৰ সমাজসেৱক চাংথান কিমা, আন্দামানৰ জৈৱিক খেতিয়ক কে চেল্লামাল, অৰুণাচলৰ বনদৰব বিশেষজ্ঞ য়ানুং জামো লেগ’, চিকল চেল এনিমিয়াৰ বিশেষজ্ঞ য়েজডী মানেকছা ইটালিয়া, দিব্যাংগ সমাজসেৱক গুৰবিন্দৰ সিং ।

লগতে পঢ়ক : খানাপাৰাত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ’ব ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচী

Last Updated :Jan 26, 2024, 8:25 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.