লোকসভা নিৰ্বাচনত অসমত 12 গৰাকী হিন্দুৰ লগতে 2 গৰাকী মুছলমান প্ৰাৰ্থী দিব বিৰোধীয়ে

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 9:32 PM IST

thumbnail

কৰিমগঞ্জ, 4 ফেব্ৰুৱাৰী: কংগ্ৰেছ দলৰ ভিতৰচ’ৰাত থকা প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতক স্পষ্ট কৰি হাইলাকান্দিত সৃষ্টি হ’ল হতাহতি ৷ দেওবাৰে প্ৰদেশৰ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিতেই উক্ত হতাহতিৰ সৃষ্টি হ’ল ৷ সমাগত লোকসভা নিৰ্বাচনৰ বাবে প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনম মজুমদাৰৰ সমৰ্থকৰ সৈতে সৃষ্টি হোৱা সংঘৰ্ষৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভূপেন বৰাই ৷

প্ৰাৰ্থিত্বকেন্দ্ৰিক উক্ত সংঘাতৰ সন্দৰ্ভত ভূপেন বৰাই কয় যে নিৰ্বাচনৰ প্ৰতি থকা অধিক উৎসাহৰ বাবেই উক্ত সংঘাতৰ সৃষ্টি হয় ৷ কৰিমগঞ্জ সমষ্টিত 5-6 গৰাকী হাই লেভেলৰ প্ৰাৰ্থী থকাৰ বাবেই এই সংঘাত হোৱা বুলি মন্তব্য কৰে অসম কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷ সকলোৱে নিজৰ প্ৰাৰ্থীয়ে টিকট পোৱাটো বিচাৰি থকা বুলি ভূপেন বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷  

এয়া প্ৰাৰ্থিত্বকেন্দ্ৰিক বিবাদ নহয়, কৰ্মীসকলৰ উৎসাহ বুলিহে মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷ আনহাতে আগন্তুক লোকসভা নিৰ্বাচত কংগ্ৰেছে দুগৰাকী ইছলাম ধৰ্মীয় ভাৰতীয় নাগৰিকক কংগ্ৰেছে টিকট প্ৰদান কৰিব বুলি মন্তব্য কৰে ভূপেন বৰাই ৷ বিপৰীতে 12 টা সমষ্টিত হিন্দু ধৰ্মাৱলম্বী লোকক টিকট প্ৰদান কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: বেলেগৰ লগত নহয়, কংগ্ৰেছৰে দুই ফৈদৰ মাজত তুমুল সংঘৰ্ষ হাইলাকান্দিত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.