ETV Bharat / politics

বেলেগৰ লগত নহয়, কংগ্ৰেছৰে দুই ফৈদৰ মাজত তুমুল সংঘৰ্ষ হাইলাকান্দিত

author img

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 6:33 PM IST

Zubair Anam Mazumdar
হাইলাকান্দি কংগ্ৰেছ

Assam Congress: বেলেগ দল নহয়, কংগ্ৰেছৰে দুই ফৈদৰ মাজত হতাহতিৰ সৃষ্টি হ’ল হাইলাকান্দিত ৷ প্ৰধানমন্ত্ৰী মোদীৰ এফালে লাখ-লাখ লোকক সম্বোধন কৰি নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে, আনফালে নিজৰ মাজতে খোৱা-কামোৰাত ব্যস্ত কংগ্ৰেছ দল ৷

কংগ্ৰেছৰে দুই ফৈদৰ মাজত তুমুল সংঘৰ্ষ

শিলচৰ, 4 ফেব্ৰুৱাৰী: লোকসভা নিৰ্বাচনলৈ বৰ বিশেষ দিন নাই, বিজেপিৰ শীৰ্ষনেতৃত্ব অসমলৈ আহি ইখনৰ পিচত সিখনকৈ সভা অনুষ্ঠিত কৰি নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত কৰিছে ৷ নিৰ্বাচনকেন্দ্ৰিক বুলি প্ৰকাশ নকৰিলেও, দেওবাৰে প্ৰধানমন্ত্ৰী মোদীয়েও বিশাল জনসভা সম্বোধন কৰিলে গুৱাহাটীত ৷ কিন্তু সেই সময়তো নিজৰ মাজতেই খোৱা-কামোৰাত ব্যস্ত আছে কংগ্ৰেছ ৷ পৰ্যায় এনেকুৱা স্থানত পাইছেগৈ যে, এফালে মোদীয়ে লাখ লাখ ভোটাৰক সম্বোধন কৰি বিজেপিৰ প্ৰতি আকৰ্ষিত কৰাৰ চেষ্টা কৰি থকাৰ সময়তে মাৰপিটত ব্যস্ত থাকিল কংগ্ৰেছৰে দুই ফৈদ ৷

দেওবাৰে হাইলাকান্দিৰ কংগ্ৰেছ ভৱনত কংগ্ৰেছ কৰ্মীৰ মাজতে সৃষ্টি হ’ল হতাহতিৰ । স্থানীয় কংগ্ৰেছ কৰ্মী আৰু যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনম মজুমদাৰৰ সমৰ্থকৰ মাজত সৃষ্টি হ’ল সংঘাতৰ । ফলত তীব্ৰ উত্তেজনাই বিৰাজ কৰিলে হাইলাকান্দি কংগ্ৰেছ ভৱনত ।

উল্লেখ্য যে বিগত কেবাদিনো ধৰি বৰাকত বাহৰ পাতি আছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা । দেওবাৰে বহুকেইটা কাৰ্যসূচী লৈ হাইলাকান্দি জিলা কংগ্ৰেছৰ কাৰ্যালয়ত উপস্থিত হৈছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী । কাৰ্যসূচী চলি থকাৰ সময়তে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সম্মুখতে দলটোৰ দুই পক্ষৰ মাজত হতাহতিৰ সৃষ্টি হয় । অসম প্ৰদেশ যুৱ কংগ্ৰেছ সভাপতি জুবেইৰ আনম মজুমদাৰৰ সমৰ্থকক ভূপেন বৰাক সাক্ষাৎ কৰিবলৈ স্থানীয় কংগ্ৰেছ কৰ্মীয়ে নিদিয়াৰ বাবেই উক্ত ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে ।

পৰৱৰ্তী সময়ত আৰক্ষী আৰু একাংশ কংগ্ৰেছ কৰ্মী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । উল্লেখ্য যে সমাগত লোকসভা নিৰ্বাচনত কৰিমগঞ্জ লোকসভা আসনৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী হৈছে জুবেইৰ আনম মজুমদাৰ ৷

লগতে পঢ়ক: তৃণমূল কংগ্ৰেছ নাথাকিব ইণ্ডি এলায়েন্সত ! সম্ভাৱনা ব্যক্ত ভূপেন বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.