মোদী ধামকা ! গুৱাহাটীৰ বজাৰত ২৯ টকাত ভাৰত চাউল

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 8:53 PM IST

thumbnail

গুৱাহাটী, ৬ ফেব্ৰুৱাৰী : ভাৰতবর্ষৰ কোটি কোটি সাধাৰণ জনতাৰ বাবে এটা ভাল খবৰ । গুৱাহাটীৰ লগতে সমগ্ৰ ৰাজ্যত মঙলবাৰৰে পৰা উপলব্ধ হৈছে কেন্দ্ৰীয় চৰকাৰে সাধাৰণ জনতাৰ বাবে সুলভ মূল্যত যোগান ধৰা ভাৰত চাউল ৷ প্ৰতিকেজিত এই চাউলৰ মূল্য ২৯ টকা ৷ মহানগৰীৰ দিছপুৰস্থিত গুৱাহাটী পৌৰ নিগমৰ কাৰ্যালয় চৌহদত আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় এই সুলভ মূল্যৰ চাউল বিক্ৰী কাৰ্যসূচী ।

জানিব পৰা মতে, ৫ কেজি আৰু ১০ কেজি পেকেটত উপলব্ধ হ’বলগীয়া এই ভাৰত চাউল ভাৰত চৰকাৰৰ খাদ্য বিভাগৰ উদ্যোগত FCI, NCCF আৰু NAFED ৰ সহযোগত চাৰিখন ম’বাইল ভানেৰে গুৱাহাটীত বিতৰণ কৰা হ’ব । গুৱাহাটীত আৰম্ভ হোৱা প্ৰতিকেজি ২৯ টকা দৰৰ সুলভ মূল্যৰ ভাৰত চাউল পৰৱৰ্তী সময়ত ৰাজ্যৰ অন্য জিলা চহৰসমূহতো বিতৰণৰ ব্যৱস্থা কৰা হ’ব । তাৰোপৰি প্ৰতিজন গ্ৰাহকে ৫ কেজি আৰু ১০ কেজিকৈ ক্ৰয় কৰিব পাৰিব এই চাউল । আনহাতে এই চাউলসমূহ বিভিন্ন ঠাইত ম’বাইল ভানেৰে উপলব্ধ হোৱাৰ সমান্তৰালকৈ ৰিলায়েন্স শ্বপিংমলসমূহত উপলব্ধ হ’ব বুলি জানিবলৈ দিয়ে NAFED ৰ কৰ্মকৰ্তাসকলে ।

লগতে পঢ়ক : ৬৯ বছৰত লোৱা ধাৰতকৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দুবছৰত লোৱা ধাৰৰ পৰিমাণ বেছি : অখিল গগৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.