নাৰাজ অশোক শৰ্মাৰ সন্দৰ্ভত ভৱেশ কলিতাৰ মন্তব্য

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 10:04 PM IST

thumbnail

গুৱাহাটী, ৩ মাৰ্চ: লোকসভা নিৰ্বাচনৰ টিকট লাভ নকৰি দলৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই । এই সন্দৰ্ভত আজি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয়, ‘‘অশোক শৰ্মা আমাৰ দলৰ জ্যেষ্ঠ নেতা, বহুদিন ধৰি আমি একেলগে কাম কৰিছো । এসময়ত বহুত কষ্ট কৰিছে দলটোৰ নামত । জিলা সভাপতি আছিল ৷ নলবাৰীৰ নিচিনা সমষ্টিত বিধায়ক হৈছে ।’’

আজি তেওঁৰ দুখ লাগিছে, দুখ লগাটো স্বাভাৱিক বুলি মন্তব্য কৰে ভৱেশ কলিতাই ৷ তেওঁ কয় যে অশোক শৰ্মাই বৰপেটাৰ আসনখন বিচাৰিছিল । কিন্তু মিত্ৰতা ধৰ্ম পালন কৰি বৰপেটাৰ আসনখন অগপ দলক এৰি দিয়া বুলি মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ৷ তেওঁ কয়, ‘‘মই ভাবো তেখেতৰ খং কমিব । খং কমিলে প্ৰচাৰ কাৰ্যত নামিব । তেওঁতো দল ত্যাগ কৰিব বুলি কোৱা নাই ।’’

আনহাতে অশোক শৰ্মাই তেখেতক ৰাজনৈতিক ভাৱে হত্যা কৰাৰ চেষ্টা কৰা হৈছে বুলি উত্থাপন কৰা অভিযোগ সন্দৰ্ভত ভৱেশ কলিতাই কয় যে ৰাজনৈতিকভাৱে কোনেও কাকো হত্যা কৰিৱ নোৱাৰে । এইবিলাক কথা মনৰ পৰা আঁতৰাই দিব লাগিব । তেখেতক মাতি আনি আলোচনা কৰিলে সকলো ঠিক হৈ যাব বুলি মন্তব্য কৰে ভৱেশ কলিতাই ।

উল্লেখ্য যে বৰপেটা লোকসভা সমষ্টিৰ বাবে টিকট বিচাৰিছিল অশোক শৰ্মাই । কিন্তু বৰপেটা লোকসভা সমষ্টিতো অগপক এৰি দিয়াৰ পিচতে ক্ষোভিত হৈ পৰে জেষ্ঠ্য নেতাগৰাকী ।

লগতে পঢ়ক: শাসকীয় দলৰ তৎপৰতাৰ বিপৰীতে নিস্তেজ বিৰোধী ঐক্য মঞ্চ !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.