বৰপেটাত ৰাহুল গান্ধীয়ে ৰাজপথলৈ নমাৰ সাহস নকৰিলে: বিজেপি নেতা - Bharat Jodo Nyay Yatra
🎬 Watch Now: Feature Video

Published : January 24, 2024 at 1:52 PM IST
বৰপেটা, 24 জানুৱাৰী : ‘‘ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ সময়ত বৰপেটাত এখন হতাশাৰ ছবি পৰিস্ফূট হৈ পৰিল ৷’’ বুধবাৰে বৰপেটা হৈ বঙাইগাঁৱলৈ যাত্ৰা কৰা কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক উদ্দেশ্যি এই মন্তব্য বৰপেটা জিলা বিজেপিৰ সভাপতি অনিল কুমাৰ দাসৰ ৷
তেওঁ লগতে কয়, ‘‘বৰপেটাত ৰাহুল গান্ধীয়ে ৰাজপথলৈ নমাৰ সাহস নকৰিলে ৷ কোনো স্থানীয় লোকেই ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত অংশ লোৱা নাই ৷ বাহিৰৰ পৰাহে কেইজনমান লোক আহিছে ৷ শেষত কণ কণ ছাত্ৰ-ছাত্ৰীক পথৰ দুয়োকাষে ঠিয় কৰাই সন্মান ৰক্ষাৰ যুঁজ চলালে কংগ্ৰেছে ৷’’
ইণ্ডি মিত্ৰজোঁটৰ অংশীদাৰ দলৰ কোনো নেতাকে ন্যায় যাত্ৰাত দেখা পোৱা নগ’ল বুলি উল্লেখ কৰি দাসে কয়, ‘‘চি পি আই এমৰ বাদে ইণ্ডি মিত্ৰজোঁটৰ আন আন দলসমূহৰ নেতাক ন্যায় যাত্ৰাত দেখা নগ’ল ৷’’
লগতে পঢ়ক : বৰপেটাত অসমৰ মুখ্যমন্ত্ৰীক উদ্দেশ্যি কি ক’লে ৰাহুল গান্ধীয়ে?