বিজেপি-আৰ এছ এছৰ ৰঙা চকুক ভয় নকৰে কংগ্ৰেছে : আব্দুৰ ৰহিম আহমেদ

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 6:53 PM IST

thumbnail

বৰপেটা, ২২ জানুৱাৰী : ‘‘বিজেপি-আৰ এছ এছৰ ৰঙা চকুক ভয় নকৰে কংগ্ৰেছে ৷ ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ কাৰ্যকৰ্তাই ভয় খাইছে ৷ যাৰ বাবে  বিজেপি-আৰ এছ এছে ভাৰত জোড়ো ন্যায় যাত্ৰাত বাধা প্ৰদান কৰি আছে ৷’’ এই মন্তব্য বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ ৷

সোমবাৰে বৰপেটা জিলা কংগ্ৰেছৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰাত বাধা আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কৰা আক্ৰমণৰ বিৰোধিতাৰে চহৰখনৰ মাজমজিয়াত সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ লগতে বহু কংগ্ৰেছ কৰ্মীয়ে ৷

আনকি সংবাদ মাধ্যমৰ আগত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক বিজেপিয়ে বাধা প্ৰদান কৰাৰো অভিযোগ উত্থাপিত কৰিছে বিধায়ক আব্দুৰ ৰহিম আহমেদে ৷

লগতে পঢ়ক : মৰিগাঁৱত উপস্থিত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.