ETV Bharat / state

মৰিগাঁৱত উপস্থিত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা

author img

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 2:21 PM IST

Rahul gandhis bharat jodo nyay jatra in Assam: মৰিগাঁৱৰ বাৰপূজীয়াত উপস্থিত কংগ্ৰেছৰ ন্যায় যাত্ৰাৰ কাৰ্যসূচী । ঢোল-তাল, নৃত্যৰে আদৰণি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ লগতে ৰাষ্ট্ৰীয় নেতৃত্বক ৷

bharat jodo nyay jatra arrives morigaon
কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা

মৰিগাঁও, 22 জানুৱাৰী: সোমবাৰে কটকটীয়া নিৰাপত্তাৰ মাজৰে মৰিগাঁৱৰ বাৰপূজীয়াত উপস্থিত হয় কংগ্ৰেছৰ ন্যায় যাত্ৰাৰ কাৰ্যসূচী । কংগ্ৰেছ নেতা ৰাহুল গান্ধীসহ ন্যায় যাত্ৰাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা নেতাসকলক ঢোল-তাল, নৃত্যৰে আদৰণি জনায় অসম প্ৰদেশ কংগ্ৰেছ কমিটী আৰু মৰিগাঁও জিলা কংগ্ৰেছ কমিটীয়ে ।

হাতে হাতে দলীয় পতাকা লৈ ন্যায় যাত্ৰাত চামিল হ’ল কংগ্ৰেছৰ নেতা-কৰ্মীসকল । ৰাহুল গান্ধীয়ে মৰিগাঁৱৰ বাৰপূজীয়াত উপস্থিত হোৱাৰ লগে লগে সমৰ্থকসকলে ৰাহুল গান্ধী জিন্দাবাদ, কংগ্ৰেছ জিন্দাবাদ ধবনিৰে দিয়া পৰিলক্ষিত হয় । সোমবাৰে এই ন্যায় যাত্ৰাৰ কাৰ্যসূচীৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্দেশত জিলা কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ কমিটীৰ বিষয়ববীয়াসকল ব্যস্ত হৈ পৰা পৰিলক্ষিত হয় ।

এই কাৰ্যসূচীত নগাঁও, মৰিগাঁৱৰ কংগ্ৰেছ বিধায়ক, সাংসদসকলে অংশ গ্ৰহণ কৰে ৷

উল্লেখ কৰা প্ৰয়োজন যে, নগাঁৱত বাধাৰ সন্মুখীন হৈছিল ৰাহুল গান্ধীৰ নেতৃত্বৰ ভাৰত জোড়ো ন্যায় যাত্ৰা ৷ দুই ঘণ্টা সময় ৰাজপথত আৱদ্ধ হৈ থকাৰ পিছত মৰিগাঁও দিশে ৰাওনা হ’ল কংগ্ৰেছ নেতা ৰাহুল গান্ধী । নগাঁৱৰ হয়বৰগাঁৱত পথ বন্ধ কৰি দিয়াৰ ফলত পুৱা 8 বাজি 45 মিনিটৰ পৰা 10 বাজি 45 মিনিট পৰ্যন্ত দুই ঘণ্টা সময় ৰাজপথতে বহি থাকিবলগীয়া ৰাহুল গান্ধীৰ লগতে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অংশীদাৰসকল । ইয়াৰ পিচতে দলটোৱে দুই ঘণ্টাৰ অধিক সময় আৱদ্ধ হৈ থকাৰ পিছত অস্থায়ী কেম্পৰ দিশে ৰাওনা হয় । ইয়াৰ পিচতে ভাৰত জোড়ো ন্যায় যাত্ৰা উপস্থিত হয় মৰিগাঁৱত ৷

উল্লেখ্য যে, ৰাহুল গান্ধীয়ে আজিৰ বটদ্ৰৱা থানলৈ যোৱাৰ কাৰ্যসূচী বাতিল কৰে ৷

লগতে পঢ়ক: নগাঁৱত বাধাৰ সন্মুখীন ৰাহুল গান্ধী, বাতিল হ’ল বটদ্ৰৱা যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.