শীঘ্ৰে বৰাক উপত্যকা এক সৰ্বাংগীণ উন্নত অঞ্চললৈ ৰূপান্তৰিত হ'ব : সৰ্বানন্দ সোণোৱাল - Lok Sabha Election 2024 - BARAK VALLEY

🎬 Watch Now: Feature Video

thumbnail
সৰ্বানন্দ সোণোৱাল (undefined)

By ETV Bharat Assamese Team

Published : April 23, 2024 at 8:04 PM IST

1 Min Read
Choose ETV Bharat

শিলচৰ, 23 এপ্ৰিল : আজি গুৱাহাটীৰ পৰা বিশেষ বিমানেৰে শিলচৰত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল  । ৰাজ্যত ১২ খনকৈ আসনত বিজেপিৰ জয় নিশ্চিত বুলি দাবী কৰে সোণোৱালে ৷ বৰাক নৈৰে খুব সোনকালে যাত্ৰীবাহী, মালবাহী জাহাজ চলাচল কৰিব বুলি সোণোৱালে ঘোষণা কৰে ৷ আনহাতে সোণোৱালে আজি শিলচৰত এখন সংবাদমেল সম্বোধন কৰি কয়, দেশত উন্নয়নৰ বতাহ বলিছে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিশ্বৰ অন্যতম শ্ৰেষ্ঠ দেশ হিচাবে গঢ় লৈ উঠিছে ভাৰত ৷ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে আৰু কয়, অসম ক্ৰমাৎ উন্নত ৰাজ্যৰ দিশে আগুৱাইছে ৷ বৰাক-ব্ৰহ্মপুত্ৰ-পাহাৰ-ভৈয়ামৰ সৰ্বত্ৰ উন্নয়ন হৈছে, যোগাযোগ ব্যৱস্থা , বাট-পথ সকলোতে উন্নতি হৈছে বুলি তেওঁ দাবী কৰে ৷ সৰ্বানন্দ সোণোৱালৰ দাবী - বৰাক উপত্যকাতো আমূল পৰিবৰ্তন হৈছে ৷ তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ সময়ত বৰাকত বাঁট পথৰ অৱস্থা শোচনীয় আছিল ৷ বৰ্তমান সৰ্বত্ৰে পথ নিৰ্মাণ হৈছে ৷ বৰাক নৈক আন্তঃৰাষ্ট্ৰীয় জলপথ হিচাবে চিহ্নিত কৰা হৈছে ৷ বৰাক নৈৰ খনন কাৰ্যও আব্যাহত থাকিব বুলি জনাই কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৷ ডিব্ৰুগড়তো তেওঁৰ নিশ্চিত জয় হ’ব বুলি দাবী কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : বৰাকত বিজেপিৰ বাবে ট্ৰাম্প কাৰ্ড হ'ব পাৰে নাগৰিকত্ব সংশোধনী আইন - Lok Sabha Election 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details