শীঘ্ৰে বৰাক উপত্যকা এক সৰ্বাংগীণ উন্নত অঞ্চললৈ ৰূপান্তৰিত হ'ব : সৰ্বানন্দ সোণোৱাল - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 23, 2024, 8:04 PM IST

thumbnail

শিলচৰ, 23 এপ্ৰিল : আজি গুৱাহাটীৰ পৰা বিশেষ বিমানেৰে শিলচৰত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল  । ৰাজ্যত ১২ খনকৈ আসনত বিজেপিৰ জয় নিশ্চিত বুলি দাবী কৰে সোণোৱালে ৷ বৰাক নৈৰে খুব সোনকালে যাত্ৰীবাহী, মালবাহী জাহাজ চলাচল কৰিব বুলি সোণোৱালে ঘোষণা কৰে ৷ আনহাতে সোণোৱালে আজি শিলচৰত এখন সংবাদমেল সম্বোধন কৰি কয়, দেশত উন্নয়নৰ বতাহ বলিছে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিশ্বৰ অন্যতম শ্ৰেষ্ঠ দেশ হিচাবে গঢ় লৈ উঠিছে ভাৰত ৷ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে আৰু কয়, অসম ক্ৰমাৎ উন্নত ৰাজ্যৰ দিশে আগুৱাইছে ৷ বৰাক-ব্ৰহ্মপুত্ৰ-পাহাৰ-ভৈয়ামৰ সৰ্বত্ৰ উন্নয়ন হৈছে, যোগাযোগ ব্যৱস্থা , বাট-পথ সকলোতে উন্নতি হৈছে বুলি তেওঁ দাবী কৰে ৷ সৰ্বানন্দ সোণোৱালৰ দাবী - বৰাক উপত্যকাতো আমূল পৰিবৰ্তন হৈছে ৷ তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ সময়ত বৰাকত বাঁট পথৰ অৱস্থা শোচনীয় আছিল ৷ বৰ্তমান সৰ্বত্ৰে পথ নিৰ্মাণ হৈছে ৷ বৰাক নৈক আন্তঃৰাষ্ট্ৰীয় জলপথ হিচাবে চিহ্নিত কৰা হৈছে ৷ বৰাক নৈৰ খনন কাৰ্যও আব্যাহত থাকিব বুলি জনাই কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৷ ডিব্ৰুগড়তো তেওঁৰ নিশ্চিত জয় হ’ব বুলি দাবী কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : বৰাকত বিজেপিৰ বাবে ট্ৰাম্প কাৰ্ড হ'ব পাৰে নাগৰিকত্ব সংশোধনী আইন - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.