ETV Bharat / politics

বৰাকত বিজেপিৰ বাবে ট্ৰাম্প কাৰ্ড হ'ব পাৰে নাগৰিকত্ব সংশোধনী আইন - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 23, 2024, 6:23 PM IST

BJP Wants to Cash in on CAA
LOK SABHA ELECTION 2024

BJP Wants to Cash in on CAA: বাংলাদেশৰ সৈতে ১২৯ কিলোমিটাৰ সীমাৰেখা ভাগ কৰা অসমৰ দুটা সমষ্টিত চুবুৰীয়া বাংলাদেশৰ পৰা স্থানচ্যুত হোৱা হিন্দু বাঙালীৰ যথেষ্ট জনসংখ্যা আছে, যিসকলে বহু বছৰ পূৰ্বে উপত্যকাটোত প্ৰৱেশ কৰিছিল । অসমৰ মন্ত্ৰী তথা বিজেপিৰ শিলচৰৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই কয় যে CAA ই এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব ।

নিউজ ডেস্ক, ২৩ এপ্ৰিল: বৰাক উপত্যকাৰ লোকসভা সমষ্টি দুটাত নাগৰিকত্ব এটা ডাঙৰ বিষয় হৈ পৰিছে আৰু ইয়াৰ সমাধানৰ ক্ষেত্ৰত CAA ই বহুখিনি গুৰুত্ব পাব বুলি বিজেপিৰ শিলচৰৰ প্ৰাৰ্থী তথা অসমৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় । বাংলাদেশৰ পৰা অসমৰ বৰাক উপত্যকালৈ অহা লোকসকলক সহায় কৰিব পৰাকৈ এখন আইন আনিবলৈ বিজেপিয়ে পদক্ষেপ লৈছিল বুলি পিটিআইক দিয়া এক সাক্ষাৎকাৰত তেওঁ কয় ।

বাংলাদেশৰ সৈতে ১২৯ কিলোমিটাৰ সীমাৰেখা ভাগ-বাটোৱাৰা কৰা অসমৰ লোকসভা সমষ্টি দুটাত চুবুৰীয়া দেশৰ পৰা স্থানচ্যুত হোৱা হিন্দু বাঙালীৰ যথেষ্ট জনসংখ্যা আছে, যিসকলে বহু বছৰৰ পূৰ্বে উপত্যকাটোত প্ৰৱেশ কৰিছিল । সংসদে নাগৰিকত্ব (সংশোধনী) বিধেয়কখন আইন হিচাপে প্ৰণয়ন কৰিছিল যদিও নিয়ম প্ৰণয়নৰ অলপ দিনৰ পিচতে নিৰ্বাচনী আচৰণ বিধি বলবৎ হ’ল আৰু এইক্ষেত্ৰত বিশেষ কাম কৰিব পৰা নগ’ল বুলি শুক্লবৈদ্যই কয় ।

বিভাজনৰ বাবেই নাগৰিকত্ব সমস্যাৰ সৃষ্টি হৈছিল, আৰু ৭০ বছৰ ধৰি কোনো ৰাজনৈতিক দলে ইয়াৰ সমাধানৰ বাবে কোনো পদক্ষেপ লোৱা নাছিল বুলি তেওঁ দাবী কৰে । এইটো সঁচা যে একাংশ লোকে অনলাইন আবেদন কৰিবলৈ অসুবিধা পাইছে আৰু নথি-পত্ৰ জমা দিয়াৰ লগত জড়িত বিষয় আছে ৷ কিন্তু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক এই বিষয়ে অৱগত কৰা হৈছে । নিৰ্বাচনী আচৰণ বিধি উঠাই লোৱাৰ পাচত প্ৰক্ৰিয়াটো সৰল হ’ব বুলি তেওঁ আশ্বাস দিছে বুলি বিজেপি নেতাগৰাকীয়ে কয় ।

ইয়াৰ কাৰ্যকৰীকৰণত সমস্যাৰ সৃষ্টি হ’ব পাৰে, কিন্তু সেইবোৰ সমাধানৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰি শুক্লবৈদ্যই কয় যে এই বিষয়টোক লৈ ৰাজনৈতিক দলসমূহে অপ্ৰয়োজনীয় হুলস্থূল কৰি আছিল । অহা ছয়-আঠ মাহত ৰাজ্য চৰকাৰৰ সমৰ্থনত সকলো সমস্যাৰ সমাধানৰ বাবে পদক্ষেপ লোৱা হ’ব বুলিও তেওঁ কয় ।

বিৰোধী দলসমূহে অভিযোগ কৰিছে যে বহুলোকে CAA প'ৰ্টেলত আবেদন কৰা নাছিল, কিয়নো তেওঁলোকে সেই দেশৰ পৰা স্থানচ্যুত হোৱা বুলি প্ৰমাণ কৰিবলৈ বাংলাদেশে জাৰি কৰা প্ৰাসংগিক নথি-পত্ৰ আপলোড কৰিবলগীয়া হয় । যোগাযোগ ব্যৱস্থা, সংযোগ আদি বৰাক উপত্যকাৰ অন্যান্য মূল বিষয় বুলি বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে কয় ।

শুক্লবৈদ্যই কয় যে শিলচৰৰ পৰা গুজৰাটলৈ ইষ্ট-ৱেষ্ট ক'ৰিডৰৰ উদ্যোগ লৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে, কিন্তু তাৰ পিচত কংগ্ৰেছ চৰকাৰে ১০ বছৰ ক্ষমতাত আছিল আৰু প্ৰকল্পটোক অৱহেলা কৰিছিল ।

পানীৰ সংযোগ, ক্ষুদ্ৰ উদ্যোগ, চাহ বাগিচা

২০১৪ চনত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত পুনৰ এই পদক্ষেপ গ্ৰহণ কৰে আৰু প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ উপক্ৰম হৈছে । এই প্ৰকল্পই ৰাজ্যৰ ৰাজধানীলৈ যাতায়তৰ সময় বহু পৰিমাণে হ্ৰাস কৰাত সহায় কৰিব বুলিও তেওঁ কয় । বিজেপি চৰকাৰে ইয়াত মিনি সচিবালয়ো স্থাপন কৰিছে, যিটো ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সম্পূৰ্ণ হ’ব বুলি মন্ত্ৰীগৰাকীয়ে কয় ।

উপত্যকাটোৰ জলপথসমূহ ব্যৱহাৰ কৰাৰ লগতে বিমান সংযোগ গঢ়ি তোলাৰ বাবে গেৰুৱা দলে পদক্ষেপ গ্ৰহণ কৰিছে, ইয়াত এটা সেউজ বিমানবন্দৰ স্থাপন কৰা হ'ব বুলিও শুক্লবৈদ্যই কয় । তেওঁ অভিযোগ কৰে যে কংগ্ৰেছৰ শাসনকালত বৰাক উপত্যকাৰ মূল ভেটি কাছাৰ কাগজ কল বন্ধ আছিল, কিন্তু অসমত বিজেপি ক্ষমতালৈ অহাৰ পিছত আমি কৰ্মচাৰীসকলৰ সমস্যা সমাধান কৰিলোঁ ।

চৰকাৰে নিজৰ মাটিত এটা বৃহৎ উদ্যোগ বা সৰু উদ্যোগৰ এটা গোট স্থাপনৰ পৰিকল্পনাও কৰিছে । যিসকলে সাধাৰণতে কৰ্মসংস্থাপনৰ বাবে বাহিৰলৈ ওলাই যাবলগীয়া হয়, এই উদ্যোগ স্থাপনৰ ফলত উপত্যকাটোৰ যুৱক-যুৱতীসকলক সংস্থাপন দিয়া হ’ব বুলি বিজেপি নেতাগৰাকীয়ে কয় । যোৱা তিনি বছৰৰ ভিতৰত ৰাজ্যখনৰ বিজেপি চৰকাৰে লাখ লাখ লোকক চাকৰি দিছে বুলি শুক্লবৈদ্যই দৃঢ়তাৰে কয় ।

ইয়াৰ অৰ্থনীতিৰ ক্ষেত্ৰতো চাহ বাগিচাবোৰেই ডাঙৰ অৰিহণা যোগাইছে আৰু কংগ্ৰেছৰ শাসনৰ বহু দশকত কম মজুৰিৰে শ্ৰমিকৰ অৱস্থাৰ অৱনতি ঘটিছিল । বিগত কেইটামান বছৰত বিজেপি চৰকাৰে মজুৰি দুগুণ বৃদ্ধি কৰিছে বুলিও তেওঁ কয় । শুক্লবৈদ্যই লগতে কয় যে কেন্দ্ৰত বিজেপি চৰকাৰৰ ১০ বছৰ আৰু ৰাজ্যত আঠ বছৰত বৰাক উপত্যকাৰ জনসাধাৰণৰ সন্মুখীন হোৱা মূল সমস্যাসমূহৰ অধিকাংশই সমাধান কৰা হৈছে ।

লগতে পঢ়ক: অৰুণাচলৰ শৰণাৰ্থীক অসমত সংস্থাপন; তীব্ৰ আন্দোলনৰ হুংকাৰ অখিল গগৈৰ - Mla Akhil Gogoi Press Meet

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.