ডিফুত বিহুৰ ওপৰত আধাৰিত হিন্দী ছবি বিহু এটেকৰ অডিশ্যন

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 6:41 PM IST

thumbnail

ডিফু, 29 জানুৱাৰী : ডিফুত অনুষ্ঠিত হৈছে বিহুৰ ওপৰত আধাৰিত হিন্দী ছবি 'বিহু এটেক'ৰ অডিশ্যন ৷ পিকেএছ বোলছবি প্ৰডাকছনৰ বেনাৰত নিৰ্মাণ হৈ আছে 'বিহু এটেক' নামৰ ছবিখন  ৷ উত্তৰ-পূৰ্বাঞ্চলৰ কলা-সংস্কৃতিৰ ওপৰত আধাৰিত এই বিহু এটেক ৷ সোমবাৰে মুখ্য অভিনেতা দেৱ মেনেৰিয়াৰ উপস্থিতিত ডিফু আৰবৰেটাম কাম ক্ৰাফ্ট চেণ্টাৰত অনুষ্ঠিত কৰা হয় অডিশ্যন ৷

পাকিস্তানৰ উগ্ৰপন্থী আজহাৰ মাছুদে অসমত অস্ত্ৰ-শস্ত্ৰৰ ব্যৱসায় বিস্তাৰ কৰাৰ বাবে অসমৰ বিহুৰ ওপৰত কৰা আক্ৰমণক লৈ নিৰ্মিত হৈছে ছবি বিহু এটেক ৷ দেৱ মেনেৰিয়াই মেজৰ ৰাজ কোঁৱৰৰ চৰিত্ৰত সেনা ৰূপে কেনেদৰে আজহাৰ মাছুদৰ পৰিকল্পনা প্ৰতিহত কৰে তাক লৈ নিৰ্মিত এই ছবিখন ৷

অসমৰ গুৱাহাটী, হোজাই, ডিফুত হ’ব এই ছবিৰ চিত্ৰগ্ৰহণ ৷ স্থানীয় শিল্পীসকলকো অগ্ৰাধিকাৰ দিয়া হ’ব এই ছবিত ৷ ইয়াত অসমীয়াৰ লগতে কাৰ্বি লোককলা-কৃষ্টি সংস্কৃতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ’ব ৷ এই ছবিখনত দেখা পোৱা যাব কেবাগৰাকী নামজ্বলা অভিনেতা-অভিনেত্ৰীক ৷

বলিউডৰ প্ৰাচী দেশাই,আৰবাজ খান, যুক্তি কাপুৰ, ৰাজ বব্বৰ আৰু ৰাজা মুৰাদৰ দৰে অভিনেতাও থাকিব ছবিখনত ৷ এই ছবিত কণ্ঠদান কৰিব চনু নিগম, শ্বাহিদ মাল্লিয়া আৰু জুবিন গাৰ্গে ৷

লগতে পঢ়ক : সৰস্বতী পূজা তথা ভেলেন্টাইনছ ডে’ৰ পূৰ্বে যুৱক-যুৱতীসকলে কিদৰে ল'ব ছাল-চুলিৰ যতন ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.