ETV Bharat / health

সৰস্বতী পূজা তথা ভেলেন্টাইনছ ডে’ৰ পূৰ্বে যুৱক-যুৱতীসকলে কিদৰে ল'ব ছাল-চুলিৰ যতন ?

author img

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 5:23 PM IST

Skin and Hair Care Tips: যিহেতু সৰস্বতী পূজা সমাগত আৰু তাৰ পূৰ্বে ছাল আৰু চুলিৰ যত্ন লোৱাত ব্যস্ত হৈ পৰে যুৱক-যুৱতীসকল ৷ সৰস্বতী পূজা তথা ভেলেন্টাইনছ ডে’ৰ পূৰ্বে যুৱক-যুৱতীসকলে নিজৰ ছাল-চুলিৰ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ অনুসৰণ কৰক এই টিপছ ৷

How to take care of your skin and hair before Saraswati Puja and Valentine's Day?
সৰস্বতী পূজা তথা ভেলেন্টাইনছ ডে’ৰ পূৰ্বে যুৱক-যুৱতীসকলে কিদৰে ল'ব ছাল-চুলিৰ যতন ?

সমাগত সৰস্বতী পূজা ৷ বাগদেৱীৰ আৰাধনাৰ বাবে সাজু হোৱাৰ লগতে নিজকে সুন্দৰকৈ সজাই-পৰাই তুলিবলৈ সাজু হৈ উঠিছে যুৱক-যুৱতীসকল ৷ শীতকালৰ ৰুক্ষ চুলি তথা ছালৰ যত্ন ল’বলৈ কিছু ঘৰুৱা পৰামৰ্শ বিচাৰি তথা সৰস্বতী পূজা উপলক্ষে যুৱতীসকলে কেনেদৰে সহজলভ্য সামগ্ৰীৰে মেক-আপ কৰি অত্যধিক ব্যয়ৰ পৰা ৰেহাই লাভ কৰিব পাৰি তাৰেই উত্তৰ দিবলৈ আজিৰ এই বিশেষ প্ৰতিবেদন আপোনালোকৰ বাবে লৈ আহিছো ৷

সৰস্বতী পূজা সমাগত আৰু তাৰ পূৰ্বে ছাল আৰু চুলিৰ যত্ন লোৱাত ব্যস্ত হৈ পৰা দেখা যায় যুৱক-যুৱতীসকলক ৷ যদি আপোনাৰ চুলি যথেষ্ট ৰুক্ষ আৰু সৰস্বতী পূজাৰ পূৰ্বে এই সমস্যা দূৰ কৰিব বিচাৰিছে তেনেহ’লে আপুনি চুলিত দৈ, কণীৰ বগা অংশ, নাৰিকল তেলৰ লগত পিঁয়াজৰ ৰসৰ সংমিশ্ৰণ, ঔ-টেঙাৰ বীজ লগাবলৈ আৰম্ভ কৰক ৷ এই উপাদানে আপোনাৰ চুলি অতি সহজেই কোমল কৰাত সহায় কৰে ৷

ৰুক্ষ ছালৰ বাবে আপুনি প্ৰতি পুৱা এগিলাছ কুহুমীয়া গৰম পানীত নেমু মিহলাই খোৱাৰ লগতে মৌ, দৈ, কেঁচা হালধিৰ এটা সংমিশ্ৰণ তৈয়াৰ কৰি লগাওক আৰু নিশা শুবলৈ যোৱাৰ পূৰ্বে ভিটামিন চি যুক্ত ক্ৰীম ব্যৱহাৰ কৰক ৷

তেলীয়া ছালৰ বাবে সঘনাই আপোনাৰ ছালখন পৰিষ্কাৰ কৰক আৰু নিতৌ পুৱা কেঁচা হালধিৰ সংমিশ্ৰণ লগাওক ৷

ঘৰতেই সহজে কৰিব পৰা মেক আপৰ টিপছ

দৈনন্দিন ভাৱে ব্যৱহাৰ কৰা মইশ্ব’ৰাইজাৰ আৰু ফাউণ্ডেশ্যন ক্ৰীমৰ সংমিশ্ৰণে আপোনাক Professional Look দিয়াত সহায় কৰে ৷ কাজলৰ সহায়েৰে আপুনি দিব পাৰে Smokey Eyesৰ Look ৷ আনহাতে, আপোনাৰ প্ৰিয় লিপষ্টিকটো আপুনি ব্লাছাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে ৷ মেকআপ অধিক সময় থাকিবৰ বাবে আপুনি যিকোনো শুকান পাউদাৰ Fixer হিচাপে ব্যৱহাৰ কৰক ৷

লগতে পঢ়ক: থ্ৰেডিং কৰাৰ পিচত ভুলতো নকৰিব এই কাম অন্যথা হ’ব ডাঙৰ লোকচান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.