চাহ বাগিচা উচ্ছেদৰ বিৰোধিতাৰে সদৌ চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 10:13 PM IST

thumbnail

মৰাণ, 1 ফেব্ৰুৱাৰী : অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সদৌ চাহ জনজাতি ছাত্ৰ সন্থাৰ । বৃহস্পতিবাৰে বিঘাই বিঘাই চাহ বাগিচা উচ্ছেদৰ বিৰোধিতাৰে অইল ইণ্ডিয়াৰ মুখ্য প্ৰশাসনিক কার্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাই । অইল ইণ্ডিয়াই অইল খনন কাৰ্য আৰু তৈলক্ষেত্ৰ নিৰ্মাণ কৰা উদ্দেশ্যে বছৰ বছৰ ধৰি হাজাৰ হাজাৰ বিঘা চাহ বাগিচা উচ্ছেদ কৰি আহিছে বুলি প্ৰতিবাদকাৰীয়ে অভিযোগ উত্থাপন কৰে ৷ ফলত চাহ বাগিচা উচ্ছেদ কৰি চাহ বাগিচাৰ শ্ৰমিকৰ জীৱন-জীৱিকাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে । 

সেয়ে বাগিচা উচ্ছেদ কৰাৰ বিনিময়ত অইলে নিৱনুৱা নিযুক্তিত 30 শতাংশ চাহ জনগোষ্ঠী নিৱনুৱাৰ বাবে আসম সংৰক্ষণ কৰিবলৈ দাবী উত্থাপন কৰে । আনহাতে অইল ইণ্ডিয়া কৰ্তৃপক্ষই সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ এই দাবী মানি নল'লে ইয়াতকৈ জংগী আন্দোলন কৰাৰ হুংকাৰ প্ৰদান সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতৃত্বৰ।

লগতে পঢ়ক: উত্তপ্ত মনোহাৰী চাহ বাগিচা, শ্ৰমিকৰ হুংকাৰ- হিটলাৰী শাসন নচলিব

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.