চাহ বাগিচা উচ্ছেদৰ বিৰোধিতাৰে সদৌ চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ - চাহ জনজাতি ছাত্ৰ সন্থা

🎬 Watch Now: Feature Video

thumbnail
চাহ বাগিচা উচ্ছেদৰ বিৰোধিতাৰে চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ (undefined)

By ETV Bharat Assamese Team

Published : February 1, 2024 at 10:13 PM IST

1 Min Read
Choose ETV Bharat

মৰাণ, 1 ফেব্ৰুৱাৰী : অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সদৌ চাহ জনজাতি ছাত্ৰ সন্থাৰ । বৃহস্পতিবাৰে বিঘাই বিঘাই চাহ বাগিচা উচ্ছেদৰ বিৰোধিতাৰে অইল ইণ্ডিয়াৰ মুখ্য প্ৰশাসনিক কার্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাই । অইল ইণ্ডিয়াই অইল খনন কাৰ্য আৰু তৈলক্ষেত্ৰ নিৰ্মাণ কৰা উদ্দেশ্যে বছৰ বছৰ ধৰি হাজাৰ হাজাৰ বিঘা চাহ বাগিচা উচ্ছেদ কৰি আহিছে বুলি প্ৰতিবাদকাৰীয়ে অভিযোগ উত্থাপন কৰে ৷ ফলত চাহ বাগিচা উচ্ছেদ কৰি চাহ বাগিচাৰ শ্ৰমিকৰ জীৱন-জীৱিকাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে । 

সেয়ে বাগিচা উচ্ছেদ কৰাৰ বিনিময়ত অইলে নিৱনুৱা নিযুক্তিত 30 শতাংশ চাহ জনগোষ্ঠী নিৱনুৱাৰ বাবে আসম সংৰক্ষণ কৰিবলৈ দাবী উত্থাপন কৰে । আনহাতে অইল ইণ্ডিয়া কৰ্তৃপক্ষই সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ এই দাবী মানি নল'লে ইয়াতকৈ জংগী আন্দোলন কৰাৰ হুংকাৰ প্ৰদান সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতৃত্বৰ।

লগতে পঢ়ক: উত্তপ্ত মনোহাৰী চাহ বাগিচা, শ্ৰমিকৰ হুংকাৰ- হিটলাৰী শাসন নচলিব

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details