ETV Bharat / state

উত্তপ্ত মনোহাৰী চাহ বাগিচা, শ্ৰমিকৰ হুংকাৰ- হিটলাৰী শাসন নচলিব

author img

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 1:48 PM IST

Tea Garden Workers Protest in Lahowal :মনোহাৰী চাহ বাগিচাৰ পৰিচালকৰ বিৰুদ্ধে লাহোৱালত প্ৰতিবাদ চাহ শ্ৰমিকৰ ৷ বাগিচাৰ কৰ্তৃপক্ষই ভয় ভাবুকি দি শ্ৰমিকৰ কৃষিভূমি কাঢ়ি লোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

tea garden workers protest at manohari tea garden of lahowal
উত্তপ্ত লাহোৱালৰ মনোহাৰী চাহ বাগিচা

উত্তপ্ত লাহোৱালৰ মনোহাৰী চাহ বাগিচা

ডিব্ৰুগড়, 1 ফ্ৰেব্ৰুৱাৰী : ‘মেনেজাৰৰ দাদাগিৰি নচলিব’ শ্লোগানেৰে চাহ শ্ৰমিকে উত্তপ্ত কৰি তোলে লাহোৱালৰ মনোহাৰী চাহ বাগিচা ৷ প্ৰতিবাদকাৰী শ্ৰমিকৰ অভিযোগ অনুসৰি, চাহ শ্ৰমিক পৰিয়ালে ভোগ কৰি থকা কৃষিভূমি অবৈধভাৱে দখল কৰি খনন কাৰ্য চলাইছে মনোহাৰী চাহ বাগিচাৰ পৰিচালকে ৷ যাৰ বাবে বাগিচাখনৰ পৰিচালকৰ বিৰুদ্ধে বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷

উল্লেখ্য যে, পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনতো সমস্যাৰ ওৰ পৰা নাই চাহ শ্ৰমিকৰ ৷ প্ৰতিদিনে নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিবলগা হৈছে চাহ শ্ৰমিকসকলে ৷ কম মজুৰিত কাম কৰি জীৱন চলাই ৰাজ্য তথা দেশৰ অৰ্থনীতিলৈ অৱদান আগবঢ়াই অহা চাহ বাগিচাৰ শ্ৰমিকে প্ৰতিটো দিনতেই জীৱনৰ নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে ৷

বৃহস্পতিবাৰে লাহোৱালৰ চাহ শ্ৰমিক পৰিয়ালে ভোগ দখল কৰি থকা কৃষিভূমি খনন কৰাক লৈ উত্তপ্ত পৰিস্থিতৰ সৃষ্টি হয় বাগিচাখনত ৷ বাগিচাখনৰ প্ৰতিবাদী ৰাইজৰ অভিযোগ, ‘‘মনোহাৰী চাহ বাগিচাৰ পৰিচালকে হিটলাৰী শাসন কৰিছে ৷ জোৰ-জুলুম কৰি শ্ৰমিকে দখল কৰি থকা কৃষিভূমিত পুখুৰী খান্দিছে বাগিচাৰ পৰিচালকে ৷ সেই মাটি ট্ৰাকে ট্ৰাকে বিক্ৰী কৰিছে চহৰত ৷ চাহ শ্ৰমিকৰ পৰিয়ালসমূহৰ দখলত থকা মাটিত খনন কাৰ্য বন্ধ নকৰিলে অধিক ভয়ংকৰ ৰূপ ল’ব প্ৰতিবাদে ৷’’

যি সময়ত চৰকাৰে চাহ বাগিচাৰ শ্ৰমিকক ভূমিপট্টা দিয়াৰ বাবে চেষ্টা কৰিছে তেনে সময়ত বাগিচা কৰ্তৃপক্ষই ভয় ভাবুকি দি শ্ৰমিকৰ কৃষিভূমি কাঢ়ি লোৱাৰ অভিযোগ উঠিছে । বছৰ বছৰ ধৰি চাহ শ্ৰমিকৰ পৰিয়ালৰ লোকে মনোহাৰীত কেইবা হেক্টৰ কৃষিভূমি ভোগ দখল কৰি কৃষি কাৰ্য চলাই আহিছে ৷ তেনেস্থলত বাগিচাৰ পৰিচালকৰ ভূমিকাৰ বাবে জাঙুৰ খাই উঠিছে ৰাইজ ৷

লগতে পঢ়ক : লক্ষীপুৰত অনুষ্ঠিত চাহ জনগোষ্ঠী উন্নয়ন সমিতিৰ প্ৰথম বাৰ্ষিক অধিৱেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.