সৰ্থেবাৰীৰ চতলা গাঁৱত ১০ টকাৰ বাবে ঘপিয়ালে গ্ৰাহকক

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 10:24 PM IST

thumbnail

বৰপেটা ২৪ ফেব্ৰুৱাৰী: ১০ টকাৰ বাবেই দা'ৰে ঘপিয়াই গ্ৰাহকক হত্যাৰ প্ৰচেষ্টা ৷ বৰপেটা জিলাৰ সৰ্থেবাৰীৰ সমীপৰ চতলা গাঁৱত শুক্ৰবাৰে সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা ৷ দহ টকা মূল্যৰ এটা কচুৰি খোৱাক লৈ মহম্মদ আলী নামৰ চাহ দোকানী এজনে গ্ৰাহকক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলায় ৷ ভুক্তভোগী গ্ৰাহকজন গৰিয়া চতলা গাঁৱৰ খলিলুৰ ৰহমান ৷

ঘটনাৰ বিৱৰণী অনুসৰি খলিলুৰ ৰহমানে খুচুৰা পইচা নথকা বাবে দিব পৰা নাছিল কচুৰিটোৰ দাম ৷ আনকি গ্ৰাহকজনে ৫০০ টকীয়া নোট খুচুৰা কৰি বা স্কেনাৰৰ জৰিয়তে কচুৰিটোৰ মূল্য ল'বলৈ কৰিছিল অনুৰোধ ৷ কিন্তু দোকানী মহম্মদ আলী আৰু তেওঁৰ পুত্ৰ ফালু আলীয়ে নগদ টকা লাগিব বুলি কৈ গ্ৰাহকজনক উপৰ্যুপৰি দা'ৰে ঘপিয়াই আক্ৰমণ কৰে ৷ ইপিনে, দা'ৰ ঘাপত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত খলিলুৰ ৰহমানৰ লগত থকা ১ লাখ ১৩ হাজাৰ টকা লুট কৰি নিয়া বুলিও মহম্মদ আলী আৰু তেওঁৰ পুত্ৰ ফালু আলীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে গ্ৰাহকজনে ৷

লগতে পঢ়ক:বকোত পথ দুৰ্ঘটনাত মেঘালয়ৰ অভিযন্তাৰ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.