জ্বলিছে ৰাজ্য; পুৱাই ৰাজপথত মোদী-অমিত-হিমন্তৰ পুত্তলিকা দাহ
🎬 Watch Now: Feature Video

Published : March 12, 2024 at 9:06 AM IST
|Updated : March 12, 2024 at 10:16 AM IST
তিনিচুকীয়া, ১২ মাৰ্চ : অৱশেষত দেশত বলৱৎ হ’ল নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ কা ৷ দেশত এই আইনখন বলৱৎ কৰাৰ পাচতে এতিয়া জ্বলিছে ৰাজ্য ৷ ৰাজ্যত তীব্ৰতৰ হৈছে কা বিৰোধী আন্দোলন ৷ মঙলবাৰে পুৱাই তিনিচুকীয়া চহৰৰ মাজমজিয়াত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমৃত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুয়ে সাব্যস্ত কৰে প্ৰতিবাদ ।
এই কা আইন বাতিল নকৰা পৰ্যন্ত আন্দোলন তীব্ৰতৰ হ’ব বুলিও বিজেপি চৰকাৰক সকীয়নি প্ৰদান কৰে প্ৰতিবাদকাৰী আটাছুৱে ৷ লগতে ৰাজনৈতিকভাৱেও বেলট বক্সত আন্দোলন কৰিবলৈ সকলোকে ৰাইজক আহ্বান জনায় সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদকাৰীয়ে ৷
উল্লেখ্য যে, মঙবাৰে পুৱাই কা আমি নামানো, বিজেপি গ’ বেগ, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, অমিত শ্বাহ লেই লেই চেই চেই, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়, জয় আই অসম আদি শ্ল’গানেৰে আটাছুয়ে উত্তাল কৰে ৰাজপথ ৷
লগতে পঢ়ক : এই আইন বলৱৎ কৰি জনগণক প্ৰতাৰণা কৰিলে : দেৱব্ৰত শইকীয়া