বহিঃৰাজ্যত সোণ-ৰূপৰ পদকেৰে জিলিকিল অসমৰ খেলুৱৈ - মৰাণ জিলা টাইকোৱাণ্ডো সন্থা

🎬 Watch Now: Feature Video

thumbnail
জিলিকিল অসমৰ খেলুৱৈ (undefined)

By ETV Bharat Assamese Team

Published : February 9, 2024 at 10:37 PM IST

1 Min Read
Choose ETV Bharat

ডিব্ৰুগড়, 9 ফেব্ৰুৱাৰী : ছত্তীশগড়ৰ ৰাইপুৰত অনুষ্ঠিত ৩৭ সংখ্যক ৰাষ্ট্ৰীয় চাব্ জুনিয়ৰ টাইকোৱাণ্ডো প্ৰতিযোগিতাত অসম দলৰ হৈ তিনিটাকৈ সোণৰ পদক আৰু এটা ৰূপৰ পদক লাভ কৰি অসম তথা মৰাণলৈ গৌৰৱ কঢ়িয়াই আনিলে চাৰিগৰাকী খেলুৱৈয়ে ৷ শুকুৰবাৰে ৰে’লযোগে মৰাণহাট ষ্টেচনত উপস্থিত হোৱাৰ পাচতে খেলুৱৈ কেইগৰাকীৰ লগতে প্ৰশিক্ষকসকলক উষ্ম আদৰণি আৰু সম্বৰ্দ্ধনা জ্ঞাপন কৰে মৰাণ জিলা টাইকোৱাণ্ডো সন্থা আৰু বিভিন্ন দল-সংগঠনে ৷

ছত্তীশগড়ৰ ৰাইপুৰত বলবীৰ সিং ইনড’ৰ ষ্টেডিয়ামত যোৱা ২ ফেব্ৰুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত অসম দলৰ হৈ মৰাণৰ চোৱেইব আশ্ৰফে ২১ কেজি অনুৰ্দ্ধ শাখাত সোণৰ পদক, অম্লান মহনে ২৩ কেজি অনুৰ্দ্ধ শাখাত সোণৰ পদক, সোণমণি চুতীয়াই ২৯ কেজি অনুৰ্দ্ধ শাখাত সোণৰ পদক আৰু ত্ৰিধন্যা বৰাই ১৬ কেজি অনুৰ্দ্ধ শাখাত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ খেলুৱৈ কেইগৰাকী পুৱা মৰাণহাট ৰে'লৱে ষ্টেচনত উপস্থিত হোৱাৰ পাছতে এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয় ৷

লগতে পঢ়ক : শুকুৰবাৰে সামৰণি পৰিব আন্তঃৰাষ্ট্ৰীয় কায়াকিং চেম্পিয়নশ্বিপৰ