মিচিং যুৱ মহোৎসৱৰ অন্তিমটো দিনত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 4:57 PM IST

thumbnail

জোনাই, ৭ ফেব্ৰুৱাৰী : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লক্ষাধিক লোকৰ সমাগম ঘটিছে কাৰেং চাপৰিৰ মিচিং যুৱ মহোৎসৱস্থলীত । চৌদিশে কেৱল মানুহ আৰু মানুহ । বুধবাৰে কাৰেং চাপৰিৰ এই যুৱ মহোৎসৱত মুখ্যমন্ত্ৰী উপস্থিত হয় ৷ দিনৰ দুই বজাত মুখ্যমন্ত্ৰীয়ে মহোৎসৱৰ মুকলি সভাত অংশ লয় ৷

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মুখেৰে বক্তব্য শুনাৰ বাবে মহোৎসৱস্থলীত মিচিং ৰাইজে আগ্ৰহেৰে অপেক্ষা কৰি আছে বুলি মন্তব্য আগবঢ়াই TMPK ৰ সাধাৰণ সম্পাদক ছান পাংগিঙে ৷ উল্লেখ্য যে, মুখ্য অতিথি হিচাপে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সন্মানীয় অতিথি হিচাপে সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগু, তপন গগৈ, পল্লৱ লোচন দাস, বিধায়ক নৱকুমাৰ দলে, ভূৱন গাম, বলিন চেতিয়াও উপস্থিত হোৱাৰ কথা ৷ বিশেষ সন্মানীয় অতিথি হিচাপে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান, ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান উপস্থিত থাকিব ।

লগতে পঢ়ক : মিচিং ডেকা-গাভৰুৰ গুমৰাগ-ঐনিঃতমৰ সুৰত উখল-মাখল কাৰেং চাপৰি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.