বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ পদত্যাগক লৈ ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 6:10 PM IST

thumbnail

ডিব্ৰুগড়, 28 জানুৱাৰী : অৱশেষত পদত্যাগ কৰিলে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৷ ৰাজভৱনত ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে কুমাৰে । বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ পদত্যাগে I.N.D.I.A. ভংগ হ’ব বুলি চৰ্চা চলাৰ মাজতে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া । পদত্যাগ পত্ৰ দাখিল কৰিয়েই I.N.D.I. মিত্ৰজোটক সমালোচনাৰ কৰে কুমাৰে ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নীতিশ কুমাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, ‘‘এজন ব্যক্তিক বিৰোধিতা কৰি এটা এলায়েঞ্চ কেতিয়াও হ'ব নোৱাৰে । আজি দিনটোৰ পৰাই I.N.D.I.A. ভংগ হোৱা আৰম্ভ কৰিছে । আমি জোঁটবন্ধনৰ আৰম্ভনিতে কৈছিলো মতাদৰ্শগত ভিন্নতা আছে ৷ এজন ব্যক্তিক বিৰোধিতা কৰাৰ বাবে এটা গোট কেতিয়াও হ’ব নোৱাৰে’’ ৷

লগতে পঢ়ক : ৰাজ্যপালক পদত্যাগ পত্ৰ দাখিল মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ, প্ৰধানমন্ত্ৰীয়ে জনালে শুভেচ্ছা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.