নামচাঙত দেশৰ সৰ্ববৃহৎ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কলনী উদ্বোধন মুখ্যমন্ত্ৰীৰ

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 7:19 PM IST

thumbnail

ডিব্ৰুগড়, 6 মাৰ্চ : অসম আৰু অৰুণাচল প্ৰদেশৰ সীমান্তত লাগি থকা নাহৰকটীয়াৰ জয়পুৰৰ প্ৰায় 200 বছৰ পুৰণি নামচাং চাহ বাগিচাত নিৰ্মাণ সম্পূৰ্ণ হোৱা দেশৰ সৰ্ববৃহৎ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কলনী আজি উদ্বোধন কৰা হয় ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গৃহ প্ৰৱেশ অনুষ্ঠানৰ জৰিয়তে উদ্বোধন কৰে এই কলনী ৷  

32 বিঘা মাটি সামৰি নিৰ্মাণ কৰা এই কলনীত 113 গৰাকী হিতাধিকাৰীয়ে চাৰিসীমাসহ একোটাকৈ ঘৰ, আধাকঠা মাটি, গৃহ আলোকৰ সৌৰ ব্যৱস্থা, পথৰ দাঁতিৰ সৌৰ ব্যৱস্থা , জল জীৱন আঁচনিৰ অধীনত বিশুদ্ধ খোৱাপানীৰ সুবিধা, অনাময় আঁচনি, শিশু উদ্যান লাভ কৰিছে ৷ লগতে এটা অংগনৱাড়ী কেন্দ্ৰ, এখন কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰৰ লগতে কুকুৰা, গাহৰি, ছাগলী, গৰু আৰু ম'হ পালনকে আদি কেইবাটাও ব্যৱস্থা এই কলনীত উপলব্ধ হৈছে ৷ 

কলনীৰ প্ৰতিটো ঘৰৰ বাবদ 1 লাখ 50 হাজাৰ টকা, কলনীৰ পথ পকীকৰণৰ বাবে 49 লাখ টকা, জল জীৱন মিছনৰ জৰিয়তে বিশুদ্ধ খোৱা পানী যোগানৰ নামত 1 কোটি 18 লাখ টকা, পথৰ দাঁতিৰ সৌৰ ব্যৱস্থাৰ বাবদ 9 লাখ 99 হাজাৰ টকা, আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ নামত 25 লাখ টকা ইতিমধ্যে ব্যয় কৰিছে ৰাজ্য চৰকাৰে ৷ এখন আদৰ্শ গাঁৱত থকাৰ দৰে সকলো সা -সুবিধা থাকিব এই কলনীত ৷ 

লগতে পঢ়ক : নাৰায়ণপুৰত ১০০খন বিচনাযুক্ত চিকিৎসালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.