এজন হিমন্তক হৰুৱাবলৈ ৰাহুল-প্ৰিয়ংকা-ছোনিয়াক আনক : মুখ্যমন্ত্ৰী - Assam Himanta Biswa Sarma

🎬 Watch Now: Feature Video

thumbnail
এজন হিমন্তক হৰুৱাবলৈ ৰাহুল প্ৰিয়ংকা ছোনিয়াক আনক (undefined)

By ETV Bharat Assamese Team

Published : January 27, 2024 at 9:58 PM IST

1 Min Read
Choose ETV Bharat

চতিয়া, 27 জানুৱাৰী : ভাৰত জোড়ো ন্যায় যাত্ৰাই একাংশ কংগ্ৰেছ নেতাক দিব নোৱাৰিলে নেকি ন্যায় ! কাৰণ মোহভংগ হৈ কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে এজনৰ পাচত আন এজন কংগ্ৰেছৰ নেতাই ৷ প্ৰতিদিনে অসমত সলনি হৈছে ৰাজনৈতিক দৃশ্যপট ৷

তেনে সময়তে ৰাহুল গান্ধীক টাৰ্গেট কৰি পুনৰ বাক্যবান এৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ৰাহুল গান্ধীৰ পাচত প্ৰিয়ংকা গান্ধী অসমলৈ আহিব বুলি সাংবাদিকে প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰীৰ পোনপটীয়া উত্তৰ, ‘‘এজন হিমন্ত বিশ্ব শৰ্মাক হৰুৱাবলৈ ৰাহুল গান্ধী, প্ৰিয়ংকা, ছোনিয়া গান্ধীকো লাগিব ৷ মই ভাবো  প্ৰিয়ংকা গান্ধীৰ সন্তানকো লৈ আহক ৷ তেওঁলোকে হাত দাঙি দিলে ৰাহুল গান্ধীৰ দ্বাৰা নহ’ব বুলি ৷ সেয়ে প্ৰিয়ংকা গান্ধী, ছোনিয়া গান্ধীকো আনিব ৷’’

কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থী তালিকা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘‘আমাৰ হাতত 11.5 খন আসন নিশ্চিত ৷ কেনেকৈ 12 আসন খন লাভ কৰিব পাৰিম তাৰ চিন্তা চৰ্চা চলি আছে ৷ কংগ্ৰেছে কি কৰে নকৰে তাক লৈ চিন্তা কৰা নাই ৷’’ আজি জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনাৰ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত এক দলীয় সভাৰ পাচত এই বিস্ফোৰক মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক :Bismita Gogoi: পদুমৰ প্ৰেমত পৰি হাতক বাই বাই বিস্মিতা গগৈৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details