এজন হিমন্তক হৰুৱাবলৈ ৰাহুল-প্ৰিয়ংকা-ছোনিয়াক আনক : মুখ্যমন্ত্ৰী

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 9:58 PM IST

thumbnail

চতিয়া, 27 জানুৱাৰী : ভাৰত জোড়ো ন্যায় যাত্ৰাই একাংশ কংগ্ৰেছ নেতাক দিব নোৱাৰিলে নেকি ন্যায় ! কাৰণ মোহভংগ হৈ কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে এজনৰ পাচত আন এজন কংগ্ৰেছৰ নেতাই ৷ প্ৰতিদিনে অসমত সলনি হৈছে ৰাজনৈতিক দৃশ্যপট ৷

তেনে সময়তে ৰাহুল গান্ধীক টাৰ্গেট কৰি পুনৰ বাক্যবান এৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ৰাহুল গান্ধীৰ পাচত প্ৰিয়ংকা গান্ধী অসমলৈ আহিব বুলি সাংবাদিকে প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰীৰ পোনপটীয়া উত্তৰ, ‘‘এজন হিমন্ত বিশ্ব শৰ্মাক হৰুৱাবলৈ ৰাহুল গান্ধী, প্ৰিয়ংকা, ছোনিয়া গান্ধীকো লাগিব ৷ মই ভাবো  প্ৰিয়ংকা গান্ধীৰ সন্তানকো লৈ আহক ৷ তেওঁলোকে হাত দাঙি দিলে ৰাহুল গান্ধীৰ দ্বাৰা নহ’ব বুলি ৷ সেয়ে প্ৰিয়ংকা গান্ধী, ছোনিয়া গান্ধীকো আনিব ৷’’

কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থী তালিকা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘‘আমাৰ হাতত 11.5 খন আসন নিশ্চিত ৷ কেনেকৈ 12 আসন খন লাভ কৰিব পাৰিম তাৰ চিন্তা চৰ্চা চলি আছে ৷ কংগ্ৰেছে কি কৰে নকৰে তাক লৈ চিন্তা কৰা নাই ৷’’ আজি জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনাৰ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত এক দলীয় সভাৰ পাচত এই বিস্ফোৰক মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক :Bismita Gogoi: পদুমৰ প্ৰেমত পৰি হাতক বাই বাই বিস্মিতা গগৈৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.