বৰাকৰ ৪ টাকৈ স্থানত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 18, 2024, 2:17 PM IST

thumbnail

কাছাৰ,১৮ এপ্ৰিল : ১৯ এপ্ৰিলৰ পৰা ৰাজ্যত লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । প্ৰথম পৰ্যায়ত ৰাজ্যৰ ৫ টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । এই সমষ্টিবোৰত বুধবাৰে নিৰ্বাচনী প্ৰচাৰ সমাপ্ত হৈছে । লগে লগে ৰাজ্যৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনক লৈ বাকী সমষ্টিবোৰত প্ৰচাৰ তুংগত উঠিছে । বৃহস্পতিবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে বৰাকত উপস্থিত হৈছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।

গুৱাহাটীৰ পৰা বিশেষ বিমানযোগে পোনে পোনে শিলচৰ বিমানবন্দৰত উপস্থিত হৈছে মুখ্যমন্ত্ৰীগৰাকী । শিলচৰ বিমানবন্দৰৰ পৰা তেওঁ হেলিকপ্টাৰেৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে হাইলাকান্দি জিলাৰ কাটলিছড়াত উপস্থিত হয় । তাৰ পিচত দক্ষিণ কৰিমগঞ্জ, কাছাৰৰ কাটিগড়া আৰু উধাৰবন্দত নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব । ইয়াক লৈ উধাৰবন্দৰ ডিএনএইছএচ খেলপথাৰত ব্যাপক প্ৰস্তুতি চলাইছে । স্থানীয় বিধায়ক মিহিৰ কান্তি সোমকে ধৰি দলৰ নেতাসকলে এই সভাখনৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে ।

লগতে পঢ়ক :প্ৰথম পৰ্যায়ত অসমৰ ৫ সমষ্টিত ভোটগ্ৰহণ, প্ৰস্তুতি সম্পূৰ্ণ নিৰ্বাচন আয়োগৰ - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.