কালৈ ভয় কৰি ৰাইজৰ দল-অজাপ একত্ৰিত হ’ব ? ক’লে ভৱেশ কলিতাই - AJP Raijor Dal to Merge - AJP RAIJOR DAL TO MERGE

🎬 Watch Now: Feature Video

thumbnail
ৰাইজৰ দল-অজাপ একত্ৰিতৰ সন্দৰ্ভত ভৱেশ কলিতা (undefined)

By ETV Bharat Assamese Team

Published : April 5, 2024 at 9:43 PM IST

1 Min Read
Choose ETV Bharat

ডিব্ৰুগড়, 5 এপ্ৰিল: একত্ৰিত হ'ব অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল । লোকসভা নিৰ্বাচনৰ পিচতেই দুয়োটা দল সংযুক্ত হৈ এক নতুন দলৰ জন্ম দিব । ইতিমধ্যে নতুন দল গঠনৰ বাবে কেইবালানি আলোচনা সম্পন্ন হৈ গৈছে ।

শুকুৰবাৰে ১৩নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ হৈ নামৰূপত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি এই কথা বিধায়ক অখিল গগৈয়ে ঘোষণা কৰা পিচতেই ৰাজনৈতিক মহলত আৰম্ভ হৈছে ব্যাপক প্ৰতিক্ৰিয়া  ।  চৰাইদেউ জিলাত আজি যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এই সম্পৰ্কত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই দিলে তাৎক্ষণিক প্ৰতিক্ৰিয়া  ।

বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কয়, ‘‘কোনোবা কৰ’বাত লগ হ'লেও ভাৰতীয় জনতা পাৰ্টীৰ কি লাভ-লোকচান আছে ? আমাৰ নিজৰ শক্তি আছে  ।  ৪৮ লাখ কাৰ্যকৰ্তা আছে আমাৰ । আমাৰ কেন্দ্ৰত চৰকাৰ, ৰাজ্যত চৰকাৰ আছে ৷ আকৌ কেন্দ্ৰত চৰকাৰ গঠন কৰিম ।’’

ৰাইজৰ দল, অসম জাতীয় পৰিষদে ভয় কৰাৰ বাবেহে একেলগ হৈছে বুলি মন্তব্য কৰে ভৱেশ কলিতাই ৷ 

লগতে পঢ়ক: ৰাজ্যত গঠন হ’ব নতুন ৰাজনৈতিক দল: অপেক্ষা লোকসভা নিৰ্বাচন পাৰ হোৱালৈ

ABOUT THE AUTHOR

...view details