বৰপেটাত অসম গণ পৰিষদৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় উদ্বোধন - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 3:41 PM IST

thumbnail

বৰপেটা, 21 মাৰ্চ : সমাগত লোকসভা নিৰ্বাচন 2024 ৷ বৃহস্পতিবাৰে বৰপেটা লোকসভা সমষ্টিৰ বাবে বৰপেটা জিলা সমিতিৰ অসম গণ পৰিষদৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়টো মুকলি কৰা হয় । বৰপেটাস্থিত দলটোৰ জিলা মুখ্য কাৰ্যালয়ৰ ওপৰ মহলাত নিৰ্বাচনী কাৰ্যালয়টো মুকলি কৰে দলৰ জিলা সভাপতি তথা প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাসে । 

প্ৰাক্তন বিধায়কগৰাকীয়ে কাৰ্যালয়টো মুকলি কৰি কয় যে, এই ক্ষণৰ পৰাই বৰপেটা বিধানসভা সমষ্টিত অসম গণ পৰিষদে পূৰ্ব নিৰ্ধাৰিত ৰণকৌশল অনুসৰি অভিযান আৰম্ভ কৰিব । ইয়াৰ অংশ হিচাপে প্ৰথমে তেওঁলোকে বৰপেটা বিধানসভা সমষ্টিৰ প্ৰতি ঘৰে ঘৰে প্ৰচাৰ অভিযান চলাব ৷

দাসে লগতে কয় যে ইয়াৰ পূৰ্বেও অসম গণ পৰিষদ আৰু বিজেপিয়ে মিলি নিৰ্বাচন খেলিছে যদিও এইবাৰ পৰিৱেশ পূৰ্বতকৈ সুকীয়া । এইবাৰ সম্পূৰ্ণ পৰিকল্পিতভাৱে দুয়ো দলে মিলি নিৰ্বাচনী ক্ষেত্ৰখনত কাম কৰিছে । এইবাৰ অগপ-বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষন চৌধুৰীয়ে জয়লাভ কৰাটো ১০০ শতাংশ নিশ্চিত ৷

লগতে পঢ়ক: 'নিয়া'ই বিচাৰি ফুৰা ISIS ৰ দুই দুধৰ্ষ শীৰ্ষ নেতা ধৰা পৰিল ধুবুৰীত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.