সৰ্থেবাৰীৰ কাঁহ শিল্পলৈ GI স্বীকৃতি দিয়াত উৎফুল্লিত কাঁহ শিল্পীসকল - Unique Cultural Symbols OF Assam

By ETV Bharat Assamese Team

Published : Apr 3, 2024, 8:22 AM IST

thumbnail

বৰপেটা,৩ এপ্ৰিল: বহু বছৰীয়া দাবীৰ অন্তত ঐতিহাসিক কাঁহ শিল্পলৈ আহিল GI স্বীকৃতি । অসম গৌৰৱ সৰ্থেবাৰীৰ কাঁহ শিল্পই লাভ কৰিলে ভৌগোলিক পৰিসীমাৰ পৰিচয় । ভাৰত বিখ্যাত কুটিৰ শিল্প কাঁহ শিল্পই চৰকাৰৰ পৰা ভৌগোলিক পৰিসীমাৰ পৰিচয়ৰ স্বীকৃতি পোৱাৰ পিছতেই উৎফুল্লিত হৈ পৰিছে সৰ্থেবাৰীৰ কাঁহ শিল্পীসকল । এতিয়াৰে পৰা নিৰ্দিষ্ট ভৌগোলিক পৰিসীমাৰ বাহিৰত সৰ্থেবাৰীৰ কাঁহ শিল্পত উৎপাদিত সামগ্ৰীৰ দৰে কাঁহৰ সামগ্ৰী তৈয়াৰ কৰিব নোৱাৰিব ।  

ইতিমধ্যেই বহিঃৰাজ্যৰ পৰা অহা মেচিনাৰী তথা নকল সামগ্ৰীয়ে অসমৰ বজাৰ দখল কৰাত সৰ্থেবাৰীৰ কুটীৰ শিল্প কাঁহ শিল্পলৈ সংকট নামি আহিছিল । একেই আকৃতিৰ এই সামগ্ৰীসমূহে সৰ্থেবাৰীৰ কাঁহ শিল্পলৈ মাতি আনিছিল প্ৰত্যাহ্বান আৰু আজি এই ভৌগোলিক পৰিসীমাৰ পৰিচয় লাভ কৰি উপকৃত হোৱাৰ আশা ব্যক্ত কৰিছে কাঁহ শিল্পীয়ে । একেদৰে ঘোষণাতে সীমাবদ্ধ নাথাকি এই সন্দৰ্ভত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে কাঁহ শিল্পীসকলে ।

লগতে পঢ়ক: বিহুৰ প্ৰাকক্ষণত ভাল খবৰ : অসমৰ 12 বিধ সামগ্রীক প্ৰদান কৰা হ'ল জি আই টেগ - Unique Cultural Symbols OF Assam

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.