ETV Bharat / state

বিহুৰ প্ৰাকক্ষণত ভাল খবৰ : অসমৰ 12 বিধ সামগ্রীক প্ৰদান কৰা হ'ল জি আই টেগ - unique cultural symbols OF Assam

author img

By ETV Bharat Assamese Team

Published : Mar 31, 2024, 1:23 PM IST

GI Tags : জিঅ'গ্রাফিকেল ইণ্ডিকেশ্যন ৰেজিষ্ট্ৰীয়ে অসমৰ 12 বিধকৈ সামগ্ৰীক প্ৰদান কৰে জি আই টেগ । সৰ্থেবাৰীৰ কাঁহ শিল্পলৈ জি আই টেগ । জি আই টেগ লাভ কৰিলে পানী মেটেকাৰ পৰা নিৰ্মিত সামগ্ৰীয়ে । ঢোল, মিচিং তাঁত শিল্প, আশাৰীকান্দি টেৰাকোটা শিল্প, জাপি শিল্প, জঠা, গগনা, খাম, ছেৰজা, চিফুঙলৈ জি আই টেগ । জি আই টেগ বড়ো কৃষিভিত্তিক সামগ্ৰী খাৰদ্বিলৈ ।

12 unique cultural symbols from Assam honoured with GI Tags
বিহুৰ প্ৰাকক্ষণত ভাল খবৰ : অসমৰ 12 বিধ সামগ্রীক প্ৰদান কৰা হ'ল জি আই টেগ

গুৱাহাটী, 31 মাৰ্চ: বিহুৰ প্ৰাকক্ষণত অসমবাসীৰ বাবে ভাল খবৰ । এবিধ-দুবিধ নহয় অসমৰ 12 বিধকৈ সামগ্ৰীয়ে লাভ কৰিলে ভৌগোলিক স্বীকৃতি (GI TAG)। জিঅ'গ্রাফিকেল ইণ্ডিকেশ্যন ৰেজিষ্ট্ৰীয়ে অসমৰ 12 বিধকৈ সামগ্ৰীক প্ৰদান কৰিছে জি আই টেগ ।

কাঁহ শিল্পৰ বাবে অসম বিশেষভাৱে চহকী আৰু প্ৰসিদ্ধ । বিশেষকৈ সৰ্থেবাৰীৰ কাঁহ শিল্পৰ এক সুকীয়া পৰিচয় আৰু সুনাম আছে । এই সুনামে লাভ কৰিলে জি আই টেগ । অৰ্থাৎ সৰ্থেবাৰীৰ কাঁহ শিল্পক প্ৰদান কৰা হয় জি আই টেগ ।

একেদৰে অসমত পানী মেটেকাৰে প্ৰস্তুত কৰা সামগ্ৰীৰো বিশ্বৰ বজাৰত সুকীয়া পৰিচয় আৰু মৰ্যাদা আছে । সেই পানী মেটেকাৰ পৰা নিৰ্মিত সামগ্ৰীয়েও লাভ কৰিলে জি আই টেগ । আনহাতে, অসমবাসীৰ অতিকৈ আদৰৰ আৰু হেঁপাহৰ ঢোলে লাভ কৰিলে জি আই টেগ । সেইদৰে মিচিং তাঁত শিল্পক প্ৰদান কৰা হৈছে জি আই টেগ । জি আই টেগ প্ৰদান কৰা হৈছে আশাৰীকান্দি টেৰাকোটা শিল্পলৈ ।

ইফালে, অসমৰ পৰম্পৰাগত জাপি শিল্পয়ো লাভ কৰিলে জি আই টেগ । সেইদৰে জঠা, গগনা, খাম, ছেৰজা আৰু চিফুঙেও লাভ কৰিলে জি আই টেগ । তদুপৰি জি আই টেগ প্ৰদান কৰা হ'ল বড়ো কৃষিভিত্তিক সামগ্ৰী খাৰদ্বিলৈয়ো ।

GI Tags
জাপিলৈ পি জি আই টেগ

উল্লেখ্য যে, বিভিন্ন জাতি-জনগোষ্ঠীৰ চহকী কলা-সংস্কৃতি তথা পৰম্পৰাৰে মহিমামণ্ডিত অসমৰ স্বকীয় বৈশিষ্ট্যই সদায়ে দেশী-বিদেশী পৰ্যটকক আকৰ্ষিত কৰি আহিছে । অসমৰ এই স্বকীয়তাক বৰ্তাই ৰখাৰ বাবে সময়ে সময়ে অসমৰ বিভিন্ন সামগ্ৰীক জিঅ'গ্রাফিকেল ইণ্ডিকেশ্যন ৰেজিষ্ট্ৰীয়ে জি আই টেগ প্ৰদান কৰি আহিছে । এইবাৰ 12 বিধকৈ সামগ্ৰীক জি আই টেগ প্ৰদান কৰা হৈছে ।

GI Tags
গগণালৈ জি আই টেগ

স্বাভৱিকতে বিহুৰ প্ৰাকক্ষণত এই স্বীকৃতিয়ে অসমবাসীক গৌৰৱাম্বিত কৰিছে । উল্লেখ্য যে, ইয়াৰ পূৰ্বে অসমৰ মুগা সূতা, অর্থড’ক্স চাহ, অসম মুগা ছিল্কৰ ল'গ', কাৰ্বি আংলঙৰ আদা, তেজপুৰৰ লিচু, জহা চাউল, কোমল চাউল নাইবা বোকা চাউল, কাজি নেমু, চকুৱা চাউল, ডিমাচাৰ পানীয় জুডিযা আৰু অসমীয়া গামোচাই জি আই টেগ লাভ কৰিছিল । লক্ষণীয় বিষয় যে, জি আই টেগে কোনো সামগ্ৰীৰ উৎপত্তিৰ প্রমাণীকৰণেই নহয় ইয়াৰ সাংস্কৃতিক আৰু ঐতিহাসিক সত্তাকো সামৰি লয় ।

জি আই টেগে বৌদ্ধিক সম্পত্তিৰ অধিকাৰ হিচাপে কাম কৰে আৰু যিয়ে কোনো সামগ্ৰীৰ ভৌগোলিক উৎপত্তিক বুজায় । এই স্বীকৃতি এটা নিৰ্দিষ্ট অঞ্চলৰ পৰিচয়ৰ সৈতে ঘনিষ্ঠভাৱে জড়িত সামগ্রী যেনে কৃষিজাত সামগ্ৰী, হস্তশিল্প আৰু ঔদ্যোগিক সামগ্ৰীৰ সুনাম আৰু বজাৰ মূল্য সুৰক্ষিত কৰাত অতি গুৰুত্বপূর্ণ । জি আই টেগৰ অন্যতম প্রধান উদ্দেশ্য হৈছে উৎপাদন আৰু কাৰু কাৰ্যৰ পৰম্পৰাগত পদ্ধতি সংৰক্ষণ কৰা ।

জি আই টেগ লাভ কৰা সামগ্ৰীয়ে কেৱল নিজৰ প্ৰামাণিক সোৱাদ, টেক্সচাৰ আৰু ডিজাইন বজাই ৰখাই নহয় সাংস্কৃতিক ঐতিহ্যৰ ৰক্ষক হিচাপেও কাম কৰে । জি আই টেগে গুণগত নিশ্চয়তাৰ এটা চিহ্ন হিচাপে কাম কৰে । যিয়ে সংকেত দিয়ে যে এটা সামগ্ৰীয়ে নির্দিষ্ট মানদণ্ড পূৰণ কৰে আৰু এটা নিৰ্দিষ্ট ভৌগোলিক অঞ্চলৰ পৰা উৎপত্তি হয়। এই নিশ্চয়তাই গ্ৰাহকৰ মাজত আস্থা জগাই তোলে আৰু যাৰ ফলত জি আই টেগ লাভ কৰা সামগ্ৰীৰ চাহিদা আৰু বজাৰ মূল্য বৃদ্ধি পায় ।

লগতে পঢ়ক: মাজুলীৰ মুখাশিল্প আৰু সাঁচিপাতৰ চিত্ৰ অংকনলৈ ভৌগোলিক স্বীকৃতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.