পাৱাৰলুম গামোচাৰ বিৰুদ্ধে অভিযান, প্ৰশাসন-ক্ষুদ্ৰ ব্যৱসায়ীৰ তৰ্কযুদ্ধ - Powerloom Gamocha

By ETV Bharat Assamese Team

Published : Apr 6, 2024, 7:16 PM IST

thumbnail

গুৱাহাটী,৬ এপ্ৰিল : ৰঙালী বিহুৰ প্ৰাকক্ষণত গুৱাহাটীৰ বজাৰে বজাৰে পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে নিতৌ প্ৰশাসনৰ অভিযান চলিছে । তেনে এক অভিযানৰ মাজতে গুৱাহাটীৰ গণেশগুৰিত তীব্ৰ উত্তেজনা । পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ অভিযানৰ মাজতে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । অভিযানকাৰী দল আৰু ক্ষুদ্ৰ ব্যৱসায়ীৰ মাজত তীব্ৰ বাক-বিতণ্ডা হোৱা দেখা যায় ।

উল্লেখ্য যে শনিবাৰে দিছপুৰ আৰক্ষীৰ সহযোগত বিভাগটোৱে গণেশগুৰি বজাৰত পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে অভিযান চলাই আৰু অভিযানৰ মাজতে বহু পৰিমাণৰ গামোচা জব্দও কৰে । কিন্তু পাৱাৰলুমৰ গামোচা জব্দ কৰাক লৈ ক্ষোভিত হৈ পৰে একাংশ ক্ষুদ্ৰ ব্যৱসায়ী । ফাঁচী বজাৰত একাংশ পাইকাৰী ব্যৱসায়ীয়ে পাৱাৰলুমৰ গামোচা বিক্ৰী কৰি থকাৰ অভিযোগ ব্যৱসায়ীসকলৰ । কিন্তু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰি ক্ষুদ্ৰ ব্যৱসায়ীৰ বিৰুদ্ধে কিয় কঠোৰ হৈছে বুলি প্ৰশ্ন কৰে ক্ষোভিত ব্যৱসায়ীসকলে । যাক লৈ ক্ষুদ্ৰ ব্যৱসায়ী আৰু অভিযানকাৰী দলৰ মাজত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।

লগতে পঢ়ক :Traditional Assamese Gamocha : পাৱাৰ লুমৰ গামোচা নিষিদ্ধকৰণৰ পাচতে দাম বৃদ্ধি থলুৱা গামোছাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.