পাঁচ হাজাৰ টকাৰ লোভত গ্ৰেপ্তাৰ হ’ল লাট মণ্ডল আৰফদ আলম

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 10:35 PM IST

thumbnail

বিশ্বনাথ, ৭ ফেব্ৰুৱাৰী : এইবাৰ দুৰ্নীতি নিবাৰক শাখাৰ দলৰ চকু পৰিল শোণিতপুৰ জিলাৰ চতিয়াস্থিত নদুৱাৰ ৰাজহ চক্ৰ কাৰ্যালয়ত ৷ কাৰ্যলয়টোত অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে কাৰ্যালয়টোৰ লাট মণ্ডল আৰফদ আলম বৰাক ৷ ৰাজহ চক্ৰ কাৰ্যালয়টোৰ কাষতে থকা এখন হোটেলত উৎকোচ লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ কৰে লাট মণ্ডলগৰাকীক ৷ গ্ৰেপ্তাৰৰ পিচতে লাট মণ্ডলগৰাকীক  ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়টোৰ ভিতৰত জেৰা চলায় দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে ৷

অভিযোগ অনুসৰি ম্যাদী মাটিৰ গৰাকীৰ নামত চিতাবহীত উঠাবলৈ আবেদন জনোৱা হৈছিল ৰাজহ চক্ৰ কাৰ্যালয়টোত ৷ বহুদিন ধৰি উক্ত আবেদনৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা হোৱা নাছিল ৷ পৰৱৰ্তী সময়ত আবেদনকাৰীয়ে পুনৰ কাৰ্যালয়টোত উপস্থিত হৈ বিষয়টোত গুৰুত্ব দিবলৈ কোৱাত লাট মণ্ডল আৰফদ আলম বৰাই পাঁচহাজাৰ টকা উৎকোচ হিচাপে দাবী কৰে ৷

দাবী কৰা ধনৰ দুহেজাৰ টকা বুধবাৰে লাট মণ্ডলগৰাকীক দিয়াৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ দলে হাতে-লোটে গ্ৰেপ্তাৰ কৰে আৰফদ আলম বৰাক ৷

লগতে পঢ়ক: মন্ত্ৰী বিমল বড়াৰ সমষ্টিত আঁচনি ৰূপায়ণত দুৰ্নীতি-অনিয়মৰ অভিযোগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.