দুৰ্নীতি নিবাৰক শাখাৰ দলক আক্ৰমণ কৰি পলায়নৰ চেষ্টা বেংক বিষয়াৰ

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 10:53 PM IST

thumbnail

নগাঁও, 8 ফেব্ৰুৱাৰী : বৃহস্পতিবাৰে নগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ দুৰ্নীতিৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰখা অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলক আক্ৰমণ ৷ উৎকোচ লোৱা অৱস্থাত হাতে-লোটে আটক কৰাৰ পিছতেই দুৰ্নীতি নিবাৰক শাখাৰ দলক আক্ৰমণ কৰি পলায়নৰ চেষ্টা বেংক বিষয়াৰ ৷ এই ঘটনা সংঘটিত হৈছে নগাঁৱৰ ধিঙত ৷

বৃহস্পতিবাৰে সন্ধিয়া অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে অভিযান চলাই অসম গ্ৰামীণ বিকাশ বেংকৰ ধিং শাখাৰ প্ৰৱন্ধক আফতাব হুছেইনক আটক কৰিবলৈ সক্ষম হয় ৷ উৎকোচ লৈ আটক হোৱাৰ পিছতেই দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলটোৰ ওপৰত আক্ৰমণ চলায় দুৰ্নীতিগ্ৰস্ত বেংক বিষয়াগৰাকীয়ে ৷ এগৰাকী ডি এছ পি আৰু পৰিদৰ্শক পৰ্যায়ৰ বিষয়াৰ নেতৃত্বত অহা দুৰ্নীতি নিবাৰক শাখাৰ দলটোক আক্ৰমণ কৰি পলায়নৰ চেষ্টা চলাই যদিও দলটোৱে আটক কৰিবলৈ সক্ষম হয় দুৰ্নীতিগ্ৰস্ত বেংক বিষয়াগৰাকীক ৷

দুৰ্নীতিগ্ৰস্ত বেংক বিষয়াগৰাকীৰ আক্ৰমণত আহত হয় অভিযানকাৰী দলটোৰ এগৰাকী বিষয়া ৷ অভিযানকাৰী দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে বৰ্তমান মাৰাথান জেৰা অব্যাহত ৰাখিছে বেংক বিষয়া আফতাব হুছেইনক ৷ দুৰ্নীতি নিবাৰক শাখাৰ দলক আক্ৰমণ কৰা ঘটনাই সমগ্ৰ নগাঁৱতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ 

লগতে পঢ়ক : ইউনিফর্মৰ টকা খাই সাৰি যাব নোৱাৰিব কোনো, মিছন চলাব মুখ্যমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.