ডুমডুমাত তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ দ্বাদশ বাৰ্ষিক অধিৱেশন

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 4:30 PM IST

thumbnail

তিনিচুকীয়া, 3 ফেব্ৰুৱাৰী : সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ দ্বাদশ ডুমডুমা অধিৱেশনৰ আজি দ্বিতীয়টো দিন | আজি দ্বিতীয় দিনটোত আছুৰ পতাকা উত্তোলন কৰে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰাজা বালিমৰাই, শ্বহীদ তৰ্পণ কৰে সাধাৰণ সম্পাদক সমৰজ্যোতি গোহাঁইয়ে | ইয়াৰ পিছতে অনুষ্ঠিত হয় প্ৰতিনিধি সভাৰ লগতে তিনিচুকীয়া জিলা ভিত্তিত চিত্ৰাংকন, সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা আৰু জাতীয় সাজপাৰ প্ৰতিযোগিতা |

আজি নিশা অনুষ্ঠিত হ’বলগা সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব কেইবাজনো জনপ্ৰিয় কণ্ঠশিল্পীয়ে ৷ দেওবাৰে অৰ্থাৎ অধিৱেশনৰ তৃতীয় দিনটোত বাহিৰ কৰা হ’ব বিশাল সাংস্কৃতিক শোভাযাত্ৰা ৷ লগতে নিশালৈ সাংস্কৃতিক অনুষ্ঠানৰ সমান্তৰালভাৱে অনুষ্ঠিত হ’ব বিষয় বাচনি সভা ৷ এই সভাতে তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ নতুন সমিতি গঠন হ’ব ৷ অধিৱেশনৰ সকলো কাৰ্যসূচীতে ডুমডুমাবাসী ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা কামনা কৰিছে তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই ৷ 

লগতে পঢ়ক : আকৰ্ষণীয় হৈ পৰিছে কাজিৰঙা; বৈচিত্ৰ্যতাই আকৰ্ষিত কৰিছে পৰ্যটকক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.