মাননি বৃদ্ধিৰ দাবীত ৰহাত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ ধৰ্ণা

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 10:18 PM IST

thumbnail

মাজুলী,১৯ মাৰ্চ : নিৰ্বাচনী প্ৰচাৰৰ সমান্তৰালকৈ ৰাজ্যত অব্যাহত আছে অংগনৱাড়ী কৰ্মীৰ প্ৰাপ্যৰ দাবীত সাব্যস্ত কৰা প্ৰতিবাদ ।  মাননি বৃদ্ধিৰ দাবীত ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আহিছে অংগনৱাড়ী কৰ্মী তথা সহায়িকাসকলে । এইবাৰ বেতন বৃদ্ধিৰ দাবীত ৰহাৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত মঙলবাৰে প্ৰায় অৰ্ধ শতাধিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকাই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে  ।  

মাননি নহয় মজুৰি দিয়ক ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মী আৰু সহায়িকাসকলে । চৰকাৰে তেওঁলোকৰ দাবী মানি নোলোৱা পৰ্যন্ত এই প্ৰতিবাদ অব্যাহত থকাৰ লগতে এই সময়ছোৱাত সকলো ধৰণৰ বিভাগীয় কাম-কাজৰ পৰা অংগনৱাড়ী কৰ্মী-সহায়িকাসকল বিৰত থাকিব বুলিও জানিবলৈ দিয়ে । ইফালে আগন্তুক লোকসভা নিৰ্বাচনত 1 লাখ 21 হাজাৰ অংগনৱাড়ী কৰ্মী-সহায়িকাই চৰকাৰক উচিত প্ৰত্যুত্তৰ দিব বুলিও জানিবলৈ দিয়ে ।

লগতে পঢ়ক: অংগনৱাড়ী কৰ্মী-সহায়িকাক ক্ৰমে তৃতীয়-চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৰূপে মানি লোৱাৰ দাবী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.