শনিবাৰে বিয়লি দিল্লীলৈ উৰা মাৰিলে গৃহমন্ত্ৰী অমিত শ্বাহ

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 10:20 PM IST

thumbnail

গুৱাহাটী, 20 জানুৱাৰী : মেঘালয় তথা অসমৰ দুদিনীয়া ভ্ৰমণসূচী সামৰি পুনৰ দিল্লীলৈ উৰা মাৰিলে গৃহমন্ত্ৰী অমিত শ্বাহ । শনিবাৰে বিয়লিৰ ভাগত সকলো কাৰ্যসূচী সামৰি দিল্লীলৈ ৰাওনা হয় গৃহমন্ত্ৰীগৰাকী । গৃহমন্ত্ৰীগৰাকীক বিদায় জনাবলৈ বিমানবন্দৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অশোক সিংহল, মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷

লগতে মন্ত্ৰী পীযুষ হাজৰীকা, জয়ন্ত মল্লবৰুৱা, পৰিমল শুক্লবৈদ্য, মন্ত্ৰী বিমল বড়া, মন্ত্ৰী যোগেন মোহন, বিধায়ক হেমাংগ ঠাকুৰীয়াকে ধৰি বহুকেইগৰাকী বিধায়ক উপস্থিত থাকে বৰঝাৰ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত ৷

উল্লেখ্য যে, শনিবাৰে গুৱাহাটীত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ৷ প্ৰথমে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত 2,551 জন অসম আৰক্ষী কমাণ্ডোৰ পেৰেডত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ তাৰ পাচত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সভাত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ৷

উক্ত সভাতে "অসমৰ সাহসী লাচিত বৰফুকন" নামৰ এখন কিতাপও মুকলি কৰিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্বাহে ৷

লগতে পঢ়ক : ভাৰত-ম্যানমাৰৰ‌ মাজত মুক্ত যাতায়ত ব্যৱস্থা বন্ধ কৰা হ'ব: অমিত শ্বাহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.