লাচিত বৰফুকন আৰক্ষী একাডেমী উদ্বোধনী অনুষ্ঠান LIVE
🎬 Watch Now: Feature Video
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah FB Account)

Published : March 15, 2025 at 10:55 AM IST
|Updated : March 15, 2025 at 1:05 PM IST
দেৰগাঁৱত নতুনকৈ উন্নীত কৰা লাচিত বৰফুকন আৰক্ষী একাডেমী আজি উদ্বোধন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ আৰক্ষী একাডেমী উদ্বোধনী অনুষ্ঠানত প্ৰায় ৩০ সহস্ৰাধিক লোকক সম্বোধন কৰে গৃহমন্ত্ৰী শ্বাহে ৷ অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়, সশস্ত্ৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ, আৰক্ষী প্ৰশিক্ষণ বিদ্যালয় আৰু বেটেলিয়ন প্ৰশিক্ষণ কেন্দ্ৰক সামৰি পুলিচ একাডেমী গঠন আৰু লাচিত বৰফুকন নামেৰে নামকৰণ কৰি আটকধুনীয়াকৈ সজাই তোলা হৈছে কেন্দ্ৰটো । এই উদ্ধোধনী অনুষ্ঠানৰ পাছত যোৰহাট ৰৰৈয়া বিমান বন্দৰৰ পৰা পোনে পোনে মিজোৰামলৈ ৰাওনা হ'ব অমিত শ্বাহ । ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আগমনক লৈ দেৰগাঁৱত সষ্টম হৈ পৰিছে প্ৰশাসন যন্ত্ৰ । কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা । ১৬ মাৰ্চত কোকৰাঝাৰত অনুষ্ঠিত হ’বলগীয়া সদৌ বড়ো ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক বাৰ্ষিক অধিৱেশনৰ চূড়ান্ত অধিৱেশনত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷

Last Updated : March 15, 2025 at 1:05 PM IST